দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰী জিলাৰ ওজা প্ৰতাপ চন্দ্ৰ বেজবৰুৱা

 08/28/2019 - 18:36

নলবাৰীঃ লোককলা প্ৰদৰ্শনেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ ঘূৰিও কোনো দিনে ভাগৰি নপৰা এজন শিল্পী নলবাৰী জিলাৰ জাগাৰাৰ ওজা প্ৰতাপ চন্দ্ৰ বেজবৰুৱা। ১৪ বছৰ বয়সৰে পৰা ৰাজ্যৰ বিভিন্ন ঠাইত ওজাপালি প্ৰদৰ্শিত কৰি সমাদৃত হৈছে বেজবৰুৱা। শেহতীয়াভাৱে লোক শিল্পীগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত।

কোনো দিনে ভাগৰি নপৰা লোক সংস্কৃতিৰ সাধকজন আজি ভাগৰুৱা। বয়সেও বাধা দি ৰাখিব নোৱাৰা প্ৰতাপ চন্দ্ৰ বেজবৰুৱা এতিয়া জীৱনৰ বিয়লি বেলাত উপনীত হৈছে। কিন্তু চৰকাৰে সাধাৰণ স্বীকৃতি দিয়া নাই এইজন লোক সংস্কৃতিৰ সাধকক। ৯ বাৰকৈ সাধাৰণ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰি ভাগৰি পৰিছে। মন্ত্ৰী-বিধায়কৰ প্ৰতিশ্ৰুতি এটাই "চাই লওঁ"। লোক সংস্কৃতিৰ সাধকজনৰ উদ্যোগত কেইবাটাও লোক সংস্কৃতিৰ দলৰ জন্ম হৈছে। এনে এগৰাকী লোকশিল্পীৰ বাহকক শিল্পী পেঞ্চন প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।