গৌৰীপুৰঃ বিজেপি চৰকাৰখনে দুৰ্নীতি ৰ্নিমূল কৰাৰ ঢাক-ঢোল বজালেও একাংশ বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতিত হাত উজান দি আহিছে। তাৰে জলন্ত উদাহৰণ হিচাপে ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং বালাজান প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত শিক্ষক ব্যাপক অনিময়ত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি প্ৰধান শিক্ষক মোছকেদ আলী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফিদ্দুছ আলীৰ গাফিলতিত বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীক পচি গুৰি হোৱা চাউলেৰে মধ্যাহ্ন ভোজন খোৱাই আছে। তাৰ ফলত এতিয়া ছাত্র-ছাত্রীয়ে পেটৰ বেমাৰত ভুগি আছে।
যোৱা বৃহস্পতিবাৰে বিদ্যালয়খনত পচি যোৱা চাউলেৰে বনোৱা মধ্যাহ্ন ভোজনৰ আহাৰ খাই বিদ্যালয়খনৰ ছাত্র ৰেজ্জাক আলী বেমাৰত আক্ৰান্ত হোৱাত ৰাইজে ইয়াৰ প্ৰতিবাদ কৰে যদিও প্ৰধান শিক্ষক মোছকেত আলীয়ে ৰাইজৰ প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে ৰাইজে। এনে ধৰণৰ পচি নষ্ট হৈ যোৱা চাউলৰ খাদ্য খাই কণ কণ ছাত্র-ছাত্রী অসুখত ভোগাতো নিশ্চিত। বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে কিয় পচি নষ্ট হৈ যোৱা পোকে ধৰা চাউলেৰে কণ কণ ছাত্র-ছাত্রীক মধ্য্যাহ্ন ভােজন কৰাই আছে বুলি প্ৰশ্ন কৰি এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অচিৰেই উচিত তদন্ত কৰি বিহিত ব্যবস্থাৰ দাবী জনায় বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ অবিভাৱক আৰু স্থানীয় ৰাইজে।