08/28/2019 - 18:43
in
বিজনীঃ চিৰাং জিলা বিজনীৰ মহকুমা পশু পালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত বিজনী মহকুমা আক্ৰাছুৱে কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে। উল্লেখ্য যে ১৯৪৯ চনৰ আজিৰ দিনটোত সেই সময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু, গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কোছ ৰজা নাৰায়ণ ভূপবাহাদুৰৰ মাজত হোৱা হোৱা চুক্তি অনুসৰি (গ) শ্ৰেণীৰ কমতাপুৰ ৰাজ্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই চুক্তি ৰূপায়ন কৰা নহ’ল।
যাৰ ফলস্বৰূপে আজিৰ দিনটোত প্ৰতিবছৰে কোছ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰি আহিছে প্ৰতাৰণা দিৱস। আজিও কলা পতকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে। পাছত বিজনী আৰক্ষীয়ে কলা পতকাখন নমাই লৈ যায়।