মৰিয়নীঃ নিজ পুত্ৰৰ অত্যাচাৰৰ বলি হৈ এগৰাকী বৃদ্ধা মাতৃয়ে সম্প্ৰীতি ৰাজপথত অঘৰী জীৱন যাপন কৰিব লগা হৈছে। পুত্ৰৰ ভয়ত প্ৰাণৰ মমতাত ভগা হাতেৰে অনাই বনাই ঘুৰি ফুৰিছে বৃদ্ধা মাতৃ। নিষ্ঠুৰ পুত্ৰই মাতৃক হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছতে বৃদ্ধা মহিলাগৰাকীক আশ্ৰয় দিয়াৰ পৰা বিৰত আছে পৰিয়াল আৰু গাঁওবাসী। এগৰাকী হতভগীয়া মাতৃ। পাষান পুত্ৰই নিজ মাতৃক দিছে তিনি টুকুৰাকৈ কাটি হত্যা কৰাৰ ভাবুকি। প্ৰাণৰ মমতাত বৃদ্ধা মাতৃৰ ৰাজপথত অঘৰী জীৱন। এইগৰাকী বৃদ্ধা মহিলা মৰিয়নীৰ বেলতল জাপিসজীয়া গাঁৱৰ অঞ্জলী গগৈ। নিজ পুত্ৰ পৰাগ গগৈয়ে দীৰ্ঘদিনৰ পৰা বৃদ্ধা মাতৃৰ ওপৰত চলাই আহিছে অমানুষিক নিৰ্যাতন।
পেছাত গাড়ী চালক হিচাপে কৰ্মৰত পৰাগ গগৈ নামৰ উদণ্ড যুৱকজনে প্ৰায় দুমাহৰ পূৰ্বে নিজ মাতৃক এডাল বাঁহেৰে যধে মধে প্ৰহাৰ কৰি হাত ভৰি ভাঙি মাতৃগৰাকীক ঘৰৰ পৰা খেদি পঠিয়াইছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে অসুস্থ অৱস্থাৰে চুচৰি চুচৰি পুৱতি নিশা চিকিৎসালয়ত উপস্থিত হৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। এই ঘটনাৰ পিছত অভিযুক্ত পুত্ৰ পৰাগ গগৈক আৰক্ষীয়ে ৰঙা ঘৰলৈ প্ৰেৰণ কৰে। কিন্ত ৰঙাঘৰৰ পৰা মুকলি হৈয়ে অভিযুক্ত পৰাগে নিজ মাতৃক কাটি তিনি টুকুৰা কৰিম বুলি প্ৰাণে মৰাৰ হুংকাৰ দিয়াত অসহায় বৃদ্ধাগৰাকীয়ে প্ৰাণৰ মমতাত দিক বিদিক হেৰুৱাই ৰাজপথত, গছৰ তলত, ৰে’ল ষ্টেচন আদিত অঘৰীৰ দৰে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে।
আনহাতে অত্যাচাৰী পৰাগৰ ৰোষত পৰা ভয়তে বৃদ্ধা মহিলাগৰাকীৰ নিজৰ পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ এজনো লোক সহায়ৰ বাবে আগবাঢ়ি অহাৰ পৰা বিৰত আছে। গাঁৱৰ কোনেও দুৰ্ভগীয়া মহিলাগৰাকীক দিব বিচৰা নাই অকণমান আশ্ৰয়। আনকি নিজৰ পৰিয়াল মিতিৰ কুতুম্বৰ পৰিয়ালৰ ঘৰৰ দুৱাৰো বন্ধ বৃদ্ধা মহিলাগৰাকীৰ বাবে। উপায়ন্তৰ হৈ ৰাজপথত অনাই বনাই ঘুৰি ফুৰি বৃদ্ধা মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত অকণমান থাকিবলৈ আশ্ৰয় বিচাৰি কাতৰ আহ্বান জনাইছে। পুত্ৰৰ নিৰ্মম অত্যচাৰৰ বলি হোৱা মহিলাগৰাকী বৰ্তমানেও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। ভগা সোঁ হাতৰ প্লাষ্টাৰ বৰ্তমানেও খুলিবলৈ অনুমতি দিয়া নাই চিকিৎসকে।
কিন্তু অসহায় মহিলাগৰাকীক কিঞ্চিত সহায়ৰ বাবে কোনো ব্যক্তি তথা সামাজিক সংগঠন বৰ্তমানলৈকে আগবাঢ়ি অহা নাই। বিশেষকৈ বৃদ্ধা মাতৃগৰাকীৰ নিজা গাঁও বেলতলবাসীয়ে গ্ৰহণ নাই কৰা কোনো পদক্ষেপ। অযুত হেঁপাহৰে জন্ম দিয়া নিজ পুত্ৰৰ ভয়ত প্ৰাণৰ মমতাত বৃদ্ধা মাতৃয়ে উৎকট গৰমত ভোকে পিয়াহে ৰাজপথত আশ্ৰয় ল’বলগীয়া হোৱা কৰুণ ঘটনাই বুকু কঁপাই গৈছে প্ৰতিজন বিবেকবান লোকৰ। এতিয়া প্ৰশ্ন হয় কোনোবা সহৃদয়বান ব্যক্তি আগবাঢ়ি আহিবনে পুত্ৰৰ অত্যাচাৰে জুৰুলা কৰা বৃদ্ধাগৰাকীক কিৎঞ্চিতমান হলেও জীয়াই থকাৰ নিৰাপত্তা দিবৰ বাবে।