সোৱণশিৰি বক্ষত টি এম পি কেৰ জোঁৰ লৈ সমদল

 08/28/2019 - 18:54

গোগামুখঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ধেমাজি আৰু লখিমপুৰত বিগ দেমৰ বিৰুদ্ধে কৰা আন্দোলনে ক্ৰমাৎ ভয়াবহ ৰূপ লোৱাৰ উপক্ৰম ঘটিছে। আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পিছতে এইবাৰ মিচিং জনগোষ্ঠীৰ টি এম পি কে কেন্দ্ৰীয় সমিতিয়ে নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

মঙলবাৰে সোৱণশিৰি বক্ষত টি এম পি কেৰ হাজাৰ হাজাৰ কৰ্মকৰ্তাৰ লগতে মিচিং জনগোষ্ঠীৰ নৈ পৰীয়া ৰাইজে হাতে হাতে জোঁৰ লৈ এন এইচ পি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতীৰ স্পষ্ট মন্তব্য যে যি পৰ্যন্ত সোৱণশিৰি তথা ইয়াৰ নৈ উপ নৈসমূহৰ পাৰত বসবাস কৰা ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত চৰকাৰে নকৰে সেই পৰ্যন্ত কোনো কাৰনতে বৃহৎ নদীবান্ধ হ'বলৈ দিয়া নহ’ব বুলি ৰাজ্য চৰকাৰলৈ সকীয়নী প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।