মঙলদৈ জেব্ৰা ফৰ্চত জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজৰ যুটীয়া সংবাদমেল

 08/28/2019 - 18:55

মঙলদৈঃ মঙলদৈ জেব্ৰা ফৰ্চত জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজৰ যুটীয়া সংবাদমেল। সংবাদ মেল যোগে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক ক্ষমা কৰে ব্ৰাহ্মণ সমাজে। অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল কুমাৰ গোস্বামী আৰু জুবিন গাৰ্গৰ অধিবক্তা মৌচম বৈশ্যৰ সৈতে একেলগে সংবাদ মেল সম্বোধন জুবিন গাৰ্গৰ। ব্ৰাহ্মণ সমাজে বিভিন্ন থানাত দিয়া ১৪ টা গোচৰ উঠাই লয়।

ছবিখনত থকা লগুন চিঙা বিষয়ৰ ওপৰত ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল কুমাৰ গোস্বামীয়ে মন্তব্য কৰে যে জুবিনে চিনেমাত কি কৰিছে সেইয়া ব্ৰাহ্মণ সমাজৰ বাবে গুৰুত্বপূৰ্ণ নহয়, কিন্তু মঞ্চত ব্ৰাহ্মণক কৰা কটু মন্তব্যৰ বাবেহে জবাবদিহি কৰিছিল। লগতে সভাপতিৰ মন্তব্য চিনেমাখনত কি আছে কি নাই সেইয়া চোৱাৰ দায়িত্ব চেন্সৰ বৰ্ডৰ হে কাম। ইফালে মঙলদৈত সংবাদমেল পাতি দৰং জিলা ব্ৰাহ্মণ সমাজে জুবিনক সুৰাকণ্ঠ উপাধি দিয়া বিষয়ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে সেইখন সংবাদ মেল অসম ব্ৰাহ্মণ সমাজৰ অনুমতি অবিহনে অনুষ্ঠিত হৈছিল।

আনহাতে জুবিনে জাত পাতৰ কথা কওঁতে ভুলতে বামুণ শব্দটো মুখত আহিল বুলি ক্ষমা বিচাৰে। ক্ষমা খুজি পুনৰ মোৰ কোনো জাত পাত নাই বুলি দৃঢ়তাৰে প্ৰকাশ কৰে সংবাদ মেলতে। সংবাদ মেল যোগে জুবিনে সকলোকে কাঞ্চনজংঘা ছবিখন চাবলৈ আহ্বান জনায়। তাৰ বিপৰীতে ব্ৰাহ্মণ সমাজৰ সভাপতিগৰাকীয়ে সভাপতি হিচাপে চিনেমাখন চাবলৈ আনুষ্ঠানিকভাবে ঘোষণা নকৰো বুলি প্ৰকাশ কৰে। সংবাদ মেলৰ পূৰ্বে মঙলদৈ মহাবিদ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত কাঞ্চনজংঘা ছবিখনৰ প্ৰচাৰ কৰে জুবিন আৰু ছবিখনৰ কলা-কুশলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।