গড়কাপ্টানি বিভাগৰ অৱহেলাত বিধ্বস্ত ৰূপ লৈছে বৰফুকন আলিয়ে

 08/28/2019 - 19:02

খোৱাংঃ গড়কাপ্টানি বিভাগৰ চূড়ান্ত অমনোযোগিতাত বিধ্বস্ত ৰূপ লৈছে খোৱাঙৰ বৰফুকন আলিয়ে। গড়কাপ্টানি বিভাগৰ মৰাণস্থ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনৰ বৰফুকন আলি সম্প্ৰতি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈ দুৰ্ভোগ ভোগাইছে যান বাহনৰ লগতে পথচাৰীক। বিশেষকৈ আজাগুৰি সমীপৰ এটা জানৰ ওপৰত থকা এটা কালভাৰ্টত বৃহৎ ফাট মেলি বহি যোৱাত ব্যাপক সমস্যা সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত।

গড়কাপ্টানি বিভাগে ভগ্ন কালভাৰ্টটো বেৰা দি নাতিদূৰৈত গধুৰ যানবাহন চলাচল নিষেধ বুলি একোখনকৈ ফলক আঁ‌ৰি দায়িত্ব সামৰিছে যদিও কালভাৰ্টটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো কাৰ্যব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। ইফালে খোৱাং আজাগুৰিৰ পৰা বাঘটলী পথাৰ লৈকে প্ৰায় দুই কিলোমিটাৰ পথত ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁ‌তৰ।

যাৰ ফলত যানবাহন চলাচল কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। ভগ্ন পথটো মেৰামতি কৰিবলৈ গড়কাপ্টানি বিভাগক বাৰম্বাৰ অনুৰোধ কৰি থকা হৈছে যদিও বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে ভুক্তভোগী ৰাইজে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়কৰ লগতে বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.