মনোনয়ন পত্ৰ দাখিল ইউজি ব্ৰহ্মৰ

 04/03/2019 - 17:03

ডিজিটেল ডেস্ক: ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মই আজি মনোনয়ন পত্ৰ দাখিল কৰে৷ কোকৰাঝাৰ সমষ্টিৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীগৰাকী যথেষ্ট আত্মবিশ্বাসী৷

বিটিচিত সংঘটিত বিভিন্ন দুৰ্নীতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে৷ বিটিচিত ইউপিপিএলৰ বাহিৰে অন্য গত্যন্তৰ নাই বুলি তেওঁ জানিবলৈ দিয়ে৷

ইয়াৰ উপৰি, বিপিএফ নৱ শৰণীয়া কংগ্ৰেছৰ তলত যোৱা বুলিও মন্তব্য আগবঢ়াই ব্ৰহ্মই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।