বৰপেটাৰ মৈৰাদিয়াত তিনি দিনীয়াকৈ অনুষ্ঠিত পৰম্পৰাগত নাওখেল সম্পন্ন

 08/28/2019 - 19:08

নগৰবেৰাঃ এটা সময়ত ৰজা মহাৰজাসকলে আমোদ আৰু বিনোদনৰ বাবে অনুষ্ঠিত কৰা পৰম্পৰাগত খেল হৈছে নাওখেল। কিন্তু এই পৰম্পৰাগত নাওখেল আজি লুপ্তপ্ৰায়। তাহানিৰ সেই ৰজা দিনীয়া নাওখেল আজি নামমাত্ৰ হে আছে। সেই আড়ম্বৰপূৰ্ণ খেল বিধক জীয়াই ৰাখিবলৈ যত্ন কৰিছে নামনি অসমৰ মুছলমান লোকসকলে। বৰপেটা জিলাৰ মৈৰাদিয়াত ব্ৰক্ষ্মপুত্ৰৰ সূতি নদীত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰে পৰম্পৰাগত নাওখেল।

প্ৰায় কুৰিখন নাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আগবঢ়াইছে তীব্ৰ প্ৰতিদ্বন্দিতা। প্ৰতিযোগিতাৰ নান্দনিক তথা মনোমোহা দৃশ্য উপভোগ কৰিছে হাজাৰ হাজাৰ জনতাই। মঙলবাৰে সন্ধিয়া অনুষ্ঠিত চূড়ান্ত খেলত আলি বাবা নামৰ নাওখনে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰাজমাতা নামৰ নাওখনে লাভ কৰে দ্বিতীয় পুৰস্কাৰ।

উল্লেখ্য যে বিশ্বৰ অন্যতম পুৰণি নাওখেল জীয়াই ৰখা নামনি অসমৰ সংখ্যালঘু লোকক ধন্যবাদ জনোৱাৰ লগতে এই খেল বিধক নতুনত্ব প্ৰদান কৰি বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ যাবতীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনায় মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অসম উদ্যোগিক উন্নয়ণ নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ লগতে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.