বিটিচিৰ এদিনীয়া গ্ৰীষ্মকালিন অধিবেশন সমাপ্ত

 08/28/2019 - 19:25

কোকৰাঝাৰঃ বিটিচিৰ গ্ৰীষ্মকালিন অধিবেশন আজি এদিনীয়া কাৰ্যসূচীৰে সমাপ্ত হয়। বিটিচিৰ বিধান পৰিষদীয় ভৱনত অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালিন অধিবেশনত মূলতঃ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় আৰু সৰহসংখ্যক সদস্যই বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত প্ৰশ্ন উত্থাপন কৰে। বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে গৰাখহনীয়া আৰু বানপানীৰ প্ৰসংগ উত্থাপন কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে আৰু বানপানীয়ে উটুৱাই দিয়া ঘৰসমূহ চৰকাৰে পুনৰ নিৰ্মাণ কৰি দিব লাগে বুলি দাবী তোলে।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হোৱা উচিত বুলি মন্তব্য কৰি বানপানীত আক্ৰান্তসকলক যথাসম্ভৱ কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে। বনাঞ্চল সংৰক্ষণে গৰাখহনীয়া ৰোধ কৰাত সহায়ক হয় বুলিও মন্তব্য কৰে মহিলাৰীয়ে। আনহাতে বিটিচিৰ নিৰ্বাচিত সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্মৰ এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত ৮ গৰাকী বিষয়া ডেপুটেচনত আৰু ১৬ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক পুনৰ পদবীত মকৰল দিয়াৰ কথা সদৰি কৰিছে। ইপিনে আজি বিটিচিৰ ২৪ গৰাকী নিৰ্বাচিত সদস্যৰ মাজত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে লেপটপ বিতৰণ কৰে। লেপটপ বিতৰণ অনুষ্ঠানত বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, বিটিচিৰ সচিব ডঃ সনাতন ডেকা, উপাধ্যক্ষ নেৰশ্বন বড়োও উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।