মুকালমুৱাত সদৌ অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা

 08/28/2019 - 19:32

নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ অন্তৰ্গত ২ নং লোহাৰকাঠা(শইকীয়া পাৰা গাঁৱত দীপজ্যোতি সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত পাগলদীয়া নৈত অনুষ্ঠিত হয় এখন সদৌ অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা৷ স্বৰ্গীয় সুন্দৰীপ্ৰিয়া মেধি আৰু গহীন মেধিৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ আৰু স্বৰ্গীয় সবুৰা সেখৰ সোঁৱৰণত ২ য় পুৰস্কাৰ প্ৰদান কৰা উক্ত খেলত বিভিন্ন অঞ্চলৰ প্ৰায় ৭ খন নাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷

প্ৰতি বছৰে অতি উৎসাহ উদ্দীপনাৰে চলি অহা খেলখন এইবাৰ নৱম সংখ্যক বুলি উদ্যোক্তাই জানিবলৈ দিয়ে৷ উক্ত খেলখনত বৰ্ণি গাঁৱৰ জলকুঁৱৰী নাওখনে প্ৰথম পুৰস্কাৰ আৰু দেহৰকুৰিহা গাঁৱৰ দিনদয়াল নাওখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷ উক্ত খেলখনত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকা, মুকালমুৱা জিলা পৰিষদৰ সভাপতি খাইৰুল হক চৌধুৰী, নলবাৰী জিলাৰ সংখ্যা লঘু মৰ্চাৰ সভাপতি ৰুবুল আলী, প্ৰাক্তন জিলা পৰিষদৰ সদস্য মমতাজ আহমেদ, বৰক্ষেত্ৰী কলেজৰ অধ্যাপিকা ছাহজাহানা বেগম প্ৰমূখ্যে বহুতো গণ্য মান্য ব্যক্তি৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.