08/28/2019 - 19:49
in
দলগাঁওঃ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক গোপন সুত্ৰৰ সহযোগত এটা থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ উদ্দেশ্যৰে ২নং কছাৰীটোপ ভেটী গাঁৱৰ জামাল উদ্দিন নামৰ লোকজনে চিকাৰী আৰু ৰাইফল নিজৰ ঘৰত ৰাখিছিল।
বন বিভাগে খবৰ পাই নিশা উক্ত স্থানত খাপ পিটি বহি থাকে যদিও জামাল উদ্দিন আৰু গঁড় চিকাৰীয়ে বনকৰ্মী থকাৰ উমান পাই ৰাইফলটো পুখুৰীত পেলাই থৈ ঘৰৰ পৰা পলায়ন কৰে। ইফালে বন-কৰ্মীৰ দলে অভিযান চলাই পুখুৰীৰ পৰা মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জামাল উদ্দিনক কৰায়ত্ত কৰাৰ কাৰনে বন বিভাগে অভিযান অব্যাহত ৰাখিছে।