দলগাঁওঃ এতিয়াও ৰহস্যৰ আৱৰ্তত দলগাঁৱৰ ছাত্ৰীৰ হত্যাকাণ্ড। মঙলবাৰে দুৰ্বৃত্তৰ ছুৰীৰ আঘাতত নিহত হৈছিল দলগাঁৱৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম মণিমালা ভৌমিক। সহপাঠী ছাত্ৰী ছতিয়া হৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ। বৰ্তমান হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য। এয়া পৰিকল্পিত হত্যাকাণ্ড নে আকস্মিক ঘটনা। ঈর্ষা নে অন্য কোনো গোপন কথা। টিউচনৰ নোট বহীৰ বাবেই নলে-গলে লগা বান্ধবীক হত্যাৰ অভিযোগ পৰিয়ালৰ। বান্ধৱী মনিমালা ঘৰত নথকাৰ সময়ত নোট বহী লৈ গৈছিল সন্দেহ যুক্ত হত্যা কাৰি ছাত্ৰী গৰাকীয়ে।
নোট বহী লৈ যোৱাৰ পিছতো নিনিয়া বুলি মিছা মতাৰ অভিযোগ অভিযুক্ত ছাত্ৰীৰ বিৰুদ্ধে। লৈ যোৱা নোট বহী বিচাৰি যাওঁতেও মনিমালাক অপমান কৰাৰ অভিযোগ। মঙলবাৰে বিদ্যালয়ত দুয়োগৰাকীৰ মাজত সৰু-সুৰা তৰ্কা তৰ্কি হৈছিল। পাছত মাতি নি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। হত্যাত ব্যৱহাৰ হোৱা চুৰিখন উদ্ধাৰ হৈছে অভিযুক্তৰ বাৰীৰ কচু তলিত। স্থানীয় ৰাইজে সমগ্ৰ ঘটনাত মুখ বন্ধ কৰি ৰাখিছে। ১২ বজালৈ দলগাঁও আৰক্ষী নোযোৱা বাবে মৰণোত্তৰ পৰীক্ষা হোৱা নাই মৃত ছাত্ৰীৰ।