08/28/2019 - 20:01
in
হাউলীঃ ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এনআৰচিৰ চূড়ান্ত পূৰ্ণাংগ তালিকাৰ পৰা বিভিন্ন কাৰণত বৈধ নথি থকা স্বত্তেও যি সকল ভাৰতীয় মানুহৰ নাম বাদ পৰিব সেই সকলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিদেশী ন্যায়াধিকৰণ আইন ১৯৬৪ বিধি মতে পুনৰ নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধিকৰণত আপীল কৰিব পাৰিব।
সেয়েহে এনআৰচিৰ পৰা বাদ পৰা নাগৰিকসকলক আপীলৰ ক্ষেত্ৰত প্ৰয়োজনীয় তালিকা (এ) আৰু তালিকা (বি) অন্তৰ্ভুক্ত নথিসমূহৰ সত্য প্ৰতিলিপি অতি সোনকালে যোগান ধৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰৰ নেতৃত্বত এটি প্ৰতিনিধি দলে জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে। জিলা উপায়ুক্তই স্মাৰক পত্রৰ ওপৰত পৰৱৰ্তী সময়ত কেনেধৰনৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।