বান আৰু গৰখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰাৰ দাবীত প্ৰতিবাদ

 08/28/2019 - 20:14

যোৰহাটঃ শেহতীয়াকৈ বান আৰু গৰখহনীয়াই জুৰুলা কৰি থৈ গ'ল ৰাজ্যবাসীক। বান আৰু গৰখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিবলৈ ভিন্ন সময়ত বিভিন্ন দল, সংগঠনে প্ৰতিবাদ কৰি আহিছে। বান আৰু খহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে গণ্য কৰাৰ দাবীত এইবাৰ ৰাজপথলৈ ওলাই আহিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আহ্বানত, যোৰহাট জিলা শাখাৰ সদস্যসকল।

প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লগান দি, দাবী সম্বলিত এখন স্মাৰক পত্ৰ যোৰহাট জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।