টঙনা চাহ বাগিচাত এক ব্যতিক্ৰমী পদক্ষেপঃ শ্ৰমিকৰ মাজত বিতৰণ কৰিলে বাইচাইকেল

 08/28/2019 - 20:20

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিছাত শ্ৰমিকৰ বাবে বাইচাইকেল বিতৰণ কৰা হয়৷ বাগিছাখনৰ শ্ৰমিকসকলক একোখনকৈ বাইচাইকেল প্ৰদান কৰি বাগিছালৈ অহা যোৱা কৰাৰ লগতে নিজৰ ঘৰুৱা সুবিধা হ'ব পৰাকৈ চাইকেল বিতৰণ কৰা হয়৷ বাগিছাখনৰ শ্ৰমিকসকলৰ কামত উপস্থিতিৰ ওপৰত নিৰ্ণয় কৰি গ্ৰেড হিচাপে নিৰ্বাচন কৰি আজি প্ৰথম পৰ্যায়ত প্ৰায় শতাধিক শ্ৰমিকক বাই চাইকেল প্ৰদান কৰাৰ লগতে তলৰ পৰ্যায়ৰ একাংশ শ্ৰমিকক ঘৰৰ বাবে চকীও বিতৰণ কৰে বাগিছা কৰ্তৃপক্ষই৷

প্ৰতিজন শ্ৰমিকৰ দৰমহাৰ পৰা শ্ৰমিকৰ উন্নয়নৰ বাবে ৰখা আছুতীয়া পুঁজিৰ পৰা এনেধৰণে শ্ৰমিকসকলৰ উন্নয়নৰ বাবে কাৰ্যসূচী হাতত লৈ আহিছে৷ ২০১৭-১৮ বৰ্ষৰ সৰ্বমুঠ ৫৬ লাখ টকাৰে এই বাইচাইকেল বিতৰণ কাৰ্যসূচী হাতত লয়৷ আজি প্ৰথম পৰ্যায়ত প্ৰায় এক শতাধিক পুৰুষ-মহিলাক চাইকেল বিতৰণ কৰা কাৰ্যসূচীটোত টঙনা চাহ বাগিছাখনৰ পৰিচালক, সহ-পৰিচালককে ধৰি লেবাৰ ইউনিয়নৰ প্ৰতিনিধিও উপস্থিত থাকে৷ চাহ বাগিছাখন সুন্দৰ ৰূপত পৰিচালনাত এনে ধৰণৰ শ্ৰমিকৰ উন্নয়নমূলক কাৰ্যই বিশেষ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি৷

উল্লেখ্য যে প্ৰায়ে বিৰ্তকত সোমাই পৰা তিনিচুকীয়া জিলা কাকপথাৰৰ টঙনা চাহ বাগিছাখন বিগত কেইবাটাও দশকত কেইবাবাৰো বন্ধ হৈ পৰাৰ লগতে পৰিচালকক মাৰপিট, খেদি পঠিওৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছিল৷ কিন্তু বৰ্তমান প্ৰায় তিনি, চাৰি বছৰে বাগিছাখনৰ পৰিচালককে ধৰি সকলো বিষয়া, কৰ্মচাৰীৰ প্ৰচেষ্টাত শান্তি, সম্প্ৰীতি বজাই ৰাখি বাগিছাখন সুচাৰুভাবে পৰিচালনা কৰি আগুৱাই নিয়াত সকলোৱে সন্তুষ্ট প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।