ৰঙাপৰাঃ সমগ্ৰ অসমৰ এক মৌলিক সমস্যা ৰূপে পৰিগণিত হোৱা নিবনুৱা সমস্যাই যি সময়ত উঠি অহা নৱপ্ৰজন্মক হতাশাগ্ৰস্ত কৰি তুলিছে সেই সময়তে নিবনুৱা সমস্যাক প্ৰত্যাহ্বান স্বৰূপে লৈ স্বনিৰ্ভৰশীল হৈ স্বাৱলম্বনৰ এক উজ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে ৰঙাপৰাৰ উদীয়মান যুব ব্যৱসায়ী বিমান মণ্ডলে। নিবনুৱা সমস্যাক প্ৰত্যাহ্বান স্বৰূপে লৈ অধ্যৱসায়, একাগ্ৰতা তথা কৰ্মনিষ্ঠাৰ লগতে পৰিকল্পিত চিন্তা ধাৰাৰে অঞ্চলটোত তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। নগৰখনৰ ৪নম্বৰ ৱাৰ্ডৰ নিবাসী বিমান মণ্ডলে পূৰ্বে আত্মনিৰ্ভৰশীল হোৱাৰ অহোপুৰুষাৰ্থ কৰিও ভাগৰি নপৰি নগৰখনৰ ৰেলৱে ষ্টেচন পথত গঢ় দিয়ে অন্নপূৰ্না হিন্দু হোটেল নামৰ এক খাদ্য বিপনী।
এই বিপনী কিছুদিনৰ ভিতৰতে অকল ৰঙাপৰা অঞ্চলে নহয়, অন্যান্য ঠাইৰ পৰা অহা যিকোনো ব্যেক্তিৰ বাবে খাদ্যৰ জুতি লোৱাৰ মুখ্য কেন্দ্ৰস্থল হ’বলৈ সক্ষম হ্য পৰে। প্ৰনিধানযোগ্য যে যি সময়ত প্ৰায়বোৰ খাদ্য বিপনীতে বিজ্ঞানসন্মত ৰন্ধন প্ৰণালী তথা পৰিকল্পিত চাফ চিকুণতাৰ দোহাই দি ভোকাতুৰ ৰাইজক বৰবিহ খুওৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে তেনে সময়তে চাফচিকুনতা, অভিজ্ঞ ৰান্ধনীৰ দ্বাৰা জুতি লগা ব্যঞ্জন প্ৰস্তুতিৰ লগতে সম্পূৰ্ণ ঘৰুৱা তথা থলুৱা খাদ্য সম্ভাৰৰ সোৱাদৰ জুতি লব বিচৰাসকলক পাৰ্য্যমানে সহায় কৰাৰ দৃঢ়সংকল্পবদ্ধ হৈছে অন্নপূৰ্না হিন্দু হোটেলৰ স্বত্বাধিকাৰী বিমান মণ্ডল।
উল্লেখযোগ্য যে পুখুৰী নদীৰ সতেজ মাছ, বিভিন্ন শাক-পাচলি, পেকেট মছলাৰ সলনি থলুৱা মছলাৰ সংমিশ্ৰণে তৈয়াৰ কৰা খাদ্যৰ সুভাষে কিঞ্চিত হ’লেও বাটৰুৱাক কেৰাহীকৈ হ’লেও চাবলৈ বাধ্য কৰায় অন্নপূৰ্না হিন্দু হোটেলে। মূলধন হিচাপে মাত্ৰ দহ হাজাৰ টকাক ব্যবসায়ৰ সম্বল হিচাপে লৈ নতুন খাদ্য সম্ভাৰেৰে সজাই পৰাই তোলা অন্নপূৰ্না হিন্দু হোটেল আজি মাথোঁ ৰঙাপৰাৰে নহয় বিভিন্ন ঠাইৰ পৰা অহা লোকৰ বাবে এক পৰিচিত ভোজনালয়।
খাদ্য বিপনীৰ কষ্টোপাৰ্জিত ধনেৰে পত্নী আৰু এটি সন্তান সহ বৃদ্ধা মাতৃক পোহপাল দিয়া বিমান মণ্ডলৰ প্ৰতিষ্ঠানত কেবাটাও পৰিয়ালে কৰ্ম কৰি জীবিকাৰ পথ মুকলি কৰিছে। গঠনমূলক চিন্তা-চৰ্চা কৰা বিমান মণ্ডলৰ দৰে এগৰাকী বিনয়ী ব্যৱসায়ী সমাজৰ হিত চিন্তা কৰা প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সমাজৰ অন্যান্য নিবনুৱা যুবকসকলেও নিজকে প্ৰতিষ্ঠা কৰি সমাজ গঠনত বিশেষ ভূমিকা পালন কৰিব পাৰে।