ধুবুৰীত এন আৰ চিৰ সন্দৰ্ভত সজাগতা সভা

 08/28/2019 - 20:42

বিলাসীপাৰাঃ এন আৰ চি প্ৰকাশৰ পিছত শান্তি শৃঙ্খলা বজাই ৰখাৰ উদ্দেশ্য ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত সজাগতা সভাৰ আয়োজন কৰে জিলা আৰু মহকুমা প্ৰশাসনে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি)ৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰস্তুতি সম্পূৰ্ণ। ৩১ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ধুবুৰী জিলাৰ টিলাপাৰা, বাবুৰহাট আদি বিভিন্ন স্থানত বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত প্ৰশাসনিক বিষয়াসকলে কয় যে এন আৰ চিক লৈ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যদি কোনো লোকৰ নাম পূৰ্ণাংগ তালিকাত প্ৰকাশ নহয়, তথাপিও পুনৰ আবেদন কৰাৰ যাবতীয় সুবিধা লাভ কৰিব নাম নথকা ব্যক্তিজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।