এন আৰ চি সন্দৰ্ভত নলবাৰীত উপায়ুক্তৰ সংবাদ মেল

 08/28/2019 - 20:52

নলবাৰীঃ ৩১ আগষ্টত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু তত্বাবধানত অসমত এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কৰি থকা হৈছে। ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আজি নলবাৰী জিলাৰ উপায়ুক্ত তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক(DRCR) ভাৰত ভূষণ দেৱ চৌধুৰীয়ে তেওঁৰ সভাকক্ষত এখন সংবাদ মেল অনুষ্ঠিত কৰে। উপায়ুক্তগৰাকীয়ে সংবাদ মেলত সদৰী কৰে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসন সকলো প্ৰকাৰে সাজু।

জিলা উপায়ুক্তই জানিব দিয়া মতে নলবাৰী জিলাৰ ৬৫ টা এন আৰ চি সেৱা কেন্দ্ৰ, সকলো চক্ৰবিষয়াৰ কাৰ্যালয় (৭টা) আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা পুৱা ১০ বজাত প্ৰকাশ কৰা হ'ব। জিলাখনত আংশিক খচৰা তালিকা প্ৰকাশ হৈছিল ৩১ ডিচেম্বৰ, ২০১৭ আৰু সেই তালিকাত নাম প্ৰকাশ পাইছিল ৩৯২৩৮৬ সংখ্যক লোকৰ।

এন আৰ চিত নাম প্ৰকাশৰ বাবে আবেদন কৰা লোক আছিল ৮২৬৯০৩ গৰাকী। ৩১ জুলাই, ২০১৮ত প্ৰকাশ পোৱা সম্পূৰ্ণ খচৰা তালিকাত ৭৮৮২২৯ গৰাকী লোকৰ নাম প্ৰকাশ পাইছিল। এই তালিকাৰ পৰা বাদ পৰা ৩৮৬৭৪ গৰাকী লোকৰ ভিতৰত ৩৭৬৮৩ গৰাকী লোকে নাম অন্তৰ্ভুক্তিৰ বাবে দাবী জনাইছিল। আজিৰ সংবাদ মেলত উপস্থিত থকা নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমিত শৰ্মাই সংবাদ মেলত সদৰী কৰা মতে জিলাখনৰ আৰক্ষী প্ৰশাসনো সাজু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে। আজি অনুষ্ঠিত এই সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰা আৰু এন আৰ চিৰ জিলা প্ৰকল্প চুপাৰভাইজৰ হিৰণ্য কুমাৰ দাসো উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।