পৰিকল্পিত হত্যাৰ সন্দেহত এজাহাৰ দাখিল দুৰ্ভগীয়া পৰিয়ালৰ

 04/03/2019 - 18:05

গুৱাহাটী: মহানগৰীত চাঞ্চল্যকৰ ঘটনা। প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যাৰ সন্দেহ। দেওবাৰে মহানগৰীৰ কামাখ্যা গেটত উদ্ধাৰ কৰা হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী ঋতু সিং বুলি জানিব পৰা গৈছে। মৃত যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, এইয়া পৰিকল্পিত হত্যাকাণ্ড।

পূৰ্বৰেপৰা মুকুল দাস নামৰ ব্যক্তিজনে মৃত যুৱতীগৰাকীৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দি আহিছিল যদিও ব্যক্তিজনৰ বিৰুদ্ধে দুৰ্ভগীয়া পৰিয়ালটোৱে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱা নাছিল।

পৰিয়ালৰ ভাষ্য অনুসৰি, মুকুল দাস এজন ৰে'ল কৰ্মচাৰী আৰু তেওঁৰ ঘৰতে ভাড়াতীয়া হিচাপে আছিল এই দুৰ্ভগীয়া পৰিয়ালটো। মৃত যুৱতীগৰাকীৰ বায়েক ববী সিঙে জনোৱা মতে, মুকুল দাসে পূৰ্বৰপৰায়ে ঋতু সিঙক অশ্লীল ইংগিত দি আহিছিল আৰু এই সন্দৰ্ভত সকলো কথা ঋতুৱে বায়েকক অৱগত কৰিছিল।

কিনত্ত দেওবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ মুকুলে ঋতুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলি বুধবাৰে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে।

ইপিনে, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।