সৰুপথাৰ বিজ্ঞান মহাবিদ্যালয়ক লৈ ৰাজনীতি বন্ধ কৰকঃ আছু

 08/28/2019 - 21:15

সৰুপথাৰঃ ২০১৮ চনত আৱণ্টন হোৱা বিজ্ঞান মহাবিদ্যালয়ক লৈ খোৱা কামোৰা শাসক-বিৰোধীৰ মাজত। আজি এক প্ৰেছ বিবৃতি যোগে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ আৰু ভাৰপ্ৰাপ্ত সম্পাদক মিণ্টু গগৈয়ে প্ৰকাশ কৰে যে সৰুপথাৰলৈ আৱণ্টন হৈ অহা বিজ্ঞান মহাবিদ্যালয়খনৰ স্থাপনৰ বাবে শেহতীয়াকৈ শাসক আৰু শাসক বিৰোধী ৰাজনৈতিক দলৰ মাজত খোৱা কামোৰা হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে সৰুপথাৰলৈ আৱণ্টন হৈ অহা বিজ্ঞান মহাবিদ্যালয়খন স্থাপনৰ বাবে ঠাই ডোখৰো নিশ্চিত হোৱা পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে সৰুপথাৰ সমষ্টিৰ নিমাতী কন্যা বিধায়িকাগৰাকী আৰু বিজেপিৰ নেতা-পালিনেতাৰ মাজত হোৱা ৰাজনৈতিক খণ্ড যুদ্ধৰ বাবেই মহকুমাটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শাখাত উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা উপক্ৰম হৈছে। আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ এটা সজাতি দলে উক্ত বিষয়টোৰ ওপৰত চক্ৰ বিষয়াৰ সৈতে হোৱা এক আলোচনাত পোহৰলৈ আহিছে যে বিভিন্ন ৰাজনৈতিক নেতাৰ নিকৃষ্ট ৰাজনীতি, প্ৰথম অৱস্থাত নাহৰবাৰীত স্থাপন কৰিবলৈ লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত বিধায়িকাগৰাকীৰ হস্তক্ষেপত ইকৰানীলৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা চলায়।

উল্লেখযোগ্য যে বিধায়িকাগৰাকীৰ হস্তক্ষেপত স্থাপন কৰিবলৈ লোৱা ঠাইডোখৰ কিমান গ্ৰহণ যোগ্য ইয়াক লৈও সচেতন মহলত চৰ্চা চলিছে, চক্ৰ বিষয়াগৰাকীয়ে জনোৱা মতে ইকৰানী ঠাইডোখৰ দহ কোটি টকীয়া প্ৰকল্পৰ আধা ধন মাটি ভৰাওতেই শেষ হোৱাৰ আশংকা প্ৰকাশ কৰিছে সেয়ে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে যে এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰি উপযুক্ত স্থানত মহাবিদ্যালয়খন স্থাপনৰ ব্যৱস্থা কৰে যেন। দুই মহৰ যুঁজত বিৰিণাৰ মৰণ দৰে শাসকীয় নেতা-পলিনেতাৰ টনা আজোৰাত আৰু বিধায়িকাৰ অহং মনোভাৱৰ বাবে যদি ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞান শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয় তেতিয়া তেওঁলোকেই জগৰীয়া হ’ব।

স্বাধীনতাৰ ৭০ দশকৰ পিছতো ধনশিৰি মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শাখাত পঢ়িবলৈ ইচ্ছা থাকিলেও আৰ্থিক সংকটৰ পৰা বঞ্চিত হৈ আহিছে। শেহতীয়াকৈ চৰকাৰী আঁচনিৰ জৰিয়তে বিজ্ঞান মহাবিদ্যালয়খন আৱণ্টন হৈ অহাৰ পিছতো ৰাজনৈতিক নেতা-পালিনেতাৰ নিকৃষ্ট ৰাজনীতিয়ে তেওঁলোক ক্ষমতাৰ বাবে কিমান তললৈ নামিব পাৰে তাৰেই এক উদাহৰণ দাঙি ধৰিছে। যদি অতি কম সময়ৰ ভিতৰত ধনশিৰি মহকুমাৰ উৎকৃষ্ট ঠাইত বিজ্ঞান মহাবিদ্যালয়খন স্থাপন নহয় তেতিয়া ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব আৰু ৰাজনৈতিক নেতা-পালিনেতাক বিজ্ঞান মহাবিদ্যালয়খনক লৈ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ ধনশিৰি মহকুমা ছাত্ৰ সংন্থাৰ সভাপতি শশধৰ গগৈয়ে সকিয়াই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।