লাহৰীঘাট আৰক্ষীৰ এন আৰ চি সম্পৰ্কে সজাগতা সভা

 08/29/2019 - 13:28

লাহৰীঘাটঃ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ দুটা দিন বাকী। এই দুটা দিন বাকী থকা সময়তে এতিয়া সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৌজন্যত ৰাইজক সজাগ কৰিবলৈ অনুষ্ঠিত কৰিছে এন আৰ চিৰ সজাগতা সভা। বুধবাৰে সন্ধিয়া লাহৰীঘাট আৰক্ষী থানাৰ প্ৰাঙ্গনত ৰাইজক সজাগ কৰি তুলিবলৈ লাহৰীঘাট আৰক্ষীয়ে অনুষ্ঠিত কৰে এন আৰ চি সম্পৰ্কে এখন সজাগতা সভা।

সভাত এন আৰ চিৰ সম্পৰ্কে বক্তব্য আগবঢ়াই লাহৰীঘাট থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া নব কুমাৰ শইকীয়াই। লগতে সামাজিক মাধ্যমবোৰতো যাতে কোনো লোকে এন আৰ চি সম্পৰ্কে কোনো বিভ্ৰান্তিমূলক পোষ্ট আপলোড নকৰে তাৰ বাবে আহ্বান জনায় ৰাইজক। সভাখনত অঞ্চলটোৰ বহু স্থানীয় লোকৰ লগতে লাহৰীঘাট আৰক্ষী থানাৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।