নগাঁৱত ৰেগিং বিৰোধী সজাগতা সভা

 08/29/2019 - 13:45

নগাঁওঃ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত অবিভক্ত নগাঁও জিলাৰ সৰ্বমুঠ ৩৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয়সমূহৰ ৰেগিং বিৰোধী সমিতি তথা গোটসমূহৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ৰেগিং বিৰোধী সমিতি আৰু ৰেগিং বিৰোধী বিশেষ গোটসমূহৰ মাজত এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা ‌সভাখনিত আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাং, মহকুমা ন্যায়িক দণ্ডাধীশ সুৰজিৎ বৰুৱা, নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ উপস্থিত থাকে৷

অবিভক্ত নগাঁও জিলাৰ ৩৫ খন মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় শতাধিক অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, বিষয়ববীয়াসকলক সম্পাদিকা প্ৰনিতা মৰাঙে ৰেগিঙৰ ভয়াৱহতাৰ ওপৰত বিশদভাবে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ৰেগিঙৰ ভয়াবহতাৰ ফলত কেতিয়াবা কেতিয়াবা কিদৰে একোটাকৈ পৰিয়ালৰ মাজলৈ বিপৰ্যয় নামি আহি ৰেগিঙৰ ভুক্তভোগী ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিব লগীয়া হ’ল তাৰ কাৰণ সমূহৰ বিষয়েও উল্লেখ কৰাৰ লগতে ভুক্তভোগী ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বাবে ল’বলগীয়া আইনৰ বিভিন্ন দিশসমূহৰ বিষয়েও উপস্থিত সকলোৰে আগত অবগত কৰাৰ লগতে যি সকলে ৰেগিঙৰ লগত জড়িত হৈ মানসিক, শাৰীৰিকভাৱে একোগৰাকী ছাত্ৰ বা ছাত্ৰীক অৱশেষত মৃত্যুৰ মুখলৈ থেলি দিয়ে সেই সকলৰ বিৰুদ্ধে সময়ত হ’ব পৰা আইনী ব্যবস্থাৰ বিষয়েও সভাত বিস্তৃত ৰূপত ব্যাখ্যা আগবঢ়ায় সম্পাদিকা প্ৰনিতা মৰাঙে৷

সভাত উপস্থিত থাকি মহকুমা ন্যায়িক দণ্ডাধীশ সুৰজিত বৰুৱাই তেওঁ নিজে ছাত্ৰ জীৱনত সন্মুখীন হোৱা ৰেগিঙৰ কিছু প্ৰসংগ উল্লেখ কৰি ৰেগিঙৰ বিভিন্ন নেতিবাচক দিশসমূহৰ কথা ব্যাখ্যা কৰাৰ লগতে ইতিবাচক দিশৰ কথাও উল্লেখ কৰে৷ মহাবিদ্যালয়সমূহৰ পৰা ৰেগিং যাতে চিৰদিনৰ বাবে বন্ধ হয় তালৈ দৃষ্টি ৰাখিবলৈ উপস্থিত সকলোকে আহ্বান জনাই জ্যেষ্ঠ অধিবক্তা আবুল হাচান খণ্ডকাৰে৷

এই সজাগতা সভাতে মহাবিদ্যালয়সমূহত ৰেগিঙৰ ফলত হ’ব পৰা কুপ্ৰভাৱসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকল যাতে সদায় আঁতৰি থাকিব পাৰে আৰু মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত ৰেগিং বন্ধ কৰাৰ বাবে আইনৰ বিভিন্ন দিশসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি নিক্ষেপ কৰাব পৰা যায় সেই উদ্দেশ্যে প্ৰতিখন মহাবিদ্যালয়লৈ একোখনকৈ হৰ্ডিং বিতৰণ কৰে আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ সভাখনি আঁত ধৰে আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ পেনেল অধিবক্তা শ্বাহনাজ চুলতানাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।