অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ পৰা জব্দ ১ কোটি ৮০ লাখ টকা

 04/04/2019 - 10:01

ইটানগৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেন, বিজেপিৰ ৰাজ্যিক সভাপতি টাপিৰ গাও আদিয়ে লৈ অহা কনভয়ৰ দুখন বাহনৰ পৰা ইষ্ট চিয়াং জিলাৰ আৰক্ষী অধীক্ষকে অৰুণাচল প্ৰদেশৰ পাছিঘাটত জব্দ কৰিছে ১ কোটি ৮০ লাখ নগদ টকা৷

পাছিঘাটৰ চিয়াং গেষ্ট হাউচত থকা এখন গাড়ীৰ পৰা জব্দ কৰা হয় এই ধন৷ ১ কোটি টকাসহ জব্দ হোৱা স্কৰ্পিঅ’ গাড়ীখন বিজেপিৰ মেবো সমষ্টিৰ প্ৰাৰ্থী ডেংগি পাৰমেৰ বুলি নিশ্চিত কৰা হৈছে৷ বিজেপি দলৰ প্ৰাৰ্থীৰ গাড়ীত ধন খিনি লৈ অহা হৈছিল৷ আন এখন ফৰচুনাৰ গাড়ীতো অনা হৈছিল বৃহৎ পৰিমানৰ নগদ ধন৷

সেই গাড়ীখনৰ পৰা জব্দ হৈছে ৮০ লাখ টকা৷ ইতিমধ্যে আয়কৰ বিভাগে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। জব্দ কৰা ধনখিনি বিজেপিৰ সভাপতি তথা পূব অৰুণাচল লোকসভা সমষ্টিৰ প্ৰাৰ্থী টাপিৰ গাঁৱৰ হয়নে নহয় সেয়া পৰীক্ষা কৰিব তদন্তকাৰী দলে৷ প্ৰাৰম্ভিক তদন্তত সেই ধন টাপিৰ গাঁৱৰ বুলি প্ৰকাশ কৰা হৈছিল৷

কিন্তু পাছত সেই ধন কঢ়িয়াই অনা গাড়ীখন বিজেপি দলৰ মেবো বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডেংগি পাৰমেৰ বুলি নিশ্চিত কৰা হয়৷ উল্লেখ্য যে, নিৰ্বাচনত ধন বিলাবলৈ অহা বুলি ভাবি যুৱ কংগ্ৰেছৰ দল এটাই মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ কনভয়ক অনুসৰণ কৰি চিয়াং গেষ্ট হাউচত গাড়ী কেইখন ঘেৰাও কৰিছিল৷ পাছত গাড়ীত ধন আছে বুলি সন্দেহ কৰি আৰক্ষী আৰু নিৰ্বাচনী পৰ্যবেক্ষকক খবৰ দিয়া হয়। তদন্তৰ অন্তত হে গম পোৱা পোহৰলৈ আহিব প্ৰকৃত তথ্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।