কাকপথাৰঃ যান্ত্ৰিকতাৰ পৃথিৱীত প্ৰায় হেৰাই যাবলৈ ধৰা অসমীয়া সমাজৰ এক পৰম্পৰাগত অনুষ্ঠান নাঙল ধোৱা পিঠা৷ অসমীয়া গাঁৱলীয়া চহা খেতিয়কে বছৰেকীয়া একমাত্ৰ খেতিটো কৰি আজৰি হৈ পৰম্পৰাগতভাবে খেতিৰ সজুলিসমূহ চাফ-চিকুন কৰি "নাঙল ধোৱা পিঠা" খোৱা অনুষ্ঠান কিছু কিছু অঞ্চলত ঘৰে ঘৰে, কিছু কিছু অঞ্চলত সামাজিকভাৱে উদযাপন কৰি আহিছে৷ কাকপথাৰতো চেঙেলিজান চুতীয়া নামঘৰত গাঁওবাসীয়ে অতীতৰে পৰা গাঁৱৰ সকলো ডেকা-জীয়ৰী, বুঢ়া-মেঠা একলগ হৈ ৰাজহুৱাভাৱে নাঙল ধোৱা পিঠাৰ অনুষ্ঠান আয়োজন কৰি আহিছে৷
এই নাঙল ধোৱা পিঠাৰ উদ্দেশ্য হ'ল খেতিয়কসকলে খেতিৰ বাবে দৰকাৰী নাঙল, জুৱলী, কোৰ, মৈ, জাপি ইত্যাদি সম্পদসমূহ ধুই-পখালি বছৰটোৰ বাবে ভঁড়ালত ৰাখি থয়৷ লগতে খেতি শেষ হোৱাৰ পিছত আয়োজন কৰা নাঙল ধোৱা পিঠা খালে খেতিৰ সময়ত কৰা কষ্টৰ ফলত হোৱা গা-বিষৰো শাম কাটে বুলি এক পৌৰাণিক ধাৰণা আছে৷
যিহেতু অসমৰ চহা খেতিয়কসকলে বছৰেকত ধানৰ মাত্ৰ এবাৰ খেতি কৰি বছৰটোৰ খোৱাৰ যোগাৰ কৰে৷ ব’হাগ বিহুৰ পিছতেই খেতিৰ বাবে সাজু হোৱা খেতিয়কসকলে প্ৰায় তিনি মাহ ধানৰ বিভিন্ন প্ৰজাতি লাহি, হালি ইত্যাদি খেতি কৰি বাকী ৯ মাহৰ বাবে খেতিৰ সজুলিসমূহ এনেদৰে সুকীয়াকৈ ৰাখি থোৱাৰ এক পৰম্পৰা চলি আহিছে আৰু তাকে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিয়ে কাকপথাৰ চেঙেলিজান চুতীয়া নামঘৰতো এই নাঙল ধোৱা পিঠা অনুষ্ঠান আয়োজন কৰি আহিছে৷
উল্লেখ্যে যে সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা অসমীয়া সমাজৰ এনে ধৰণৰ কিছুমান পৰম্পৰা গাঁৱলীয়া চহা খেতিয়ক সমাজে আজিও জীয়াই ৰাখিবলৈ চেষ্টা কৰা কাৰ্য সঁচাই প্ৰশংসনীয়৷ দশক দশক ধৰি চলি অহা কাকপথাৰৰ উক্ত ৰাজহুৱা নাঙল ধোৱা পিঠা খোৱা পৰ্ব সদায় জীয়াই থাকক তাকে কামনা কৰিছে সকলোৱে৷