বৰপেটাঃ যি সময়ত মানুহ মঙ্গল গ্ৰহত পদাৰ্পণৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে, সেইসময়তে বস্তা বাবা, লেংটা বাবা, পাগলা বাবা আদিৰ আৱিৰ্ভাৱ হৈ শিক্ষিত, আধুনিক সমাজ জীৱনক লজ্জানত কৰা বুলি সম্প্ৰতি মন্দিয়া অঞ্চলত এজন পাগলা বাবাৰ আৰ্বিভাব ঘটাত সচেতন ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত আগমন্দিয়া গাঁৱত তিনি চাৰি দিনমানৰ পৰা এজন পাগলা বাবাৰ আগমন ঘটাত দলে দলে মানুহৰ লানি লাগিছে পাগলা বাবাৰ তেল পানী বাহৰ টোকোনেৰে জাৰি ৰোগ নিৰাময়ৰ বাবে।
উল্লেখ্য যে নগাঁও জিলাৰ ধিং সমষ্টিৰ গালি গাঁৱৰ ইমৰাণ নামৰ ব্যক্তি জনে পাগলা বাবা বুলি নিজকে প্ৰচাৰ কৰি জৰা ফুকাৰে তেওঁ সকলো ৰোগ নিৰাময় কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উক্ত পাগলা বাবাৰ চিকিৎসা পদ্ধতিৰ গুণাগুণ জানিবৰ বাবে প্ৰতিবিম্ব লাইভৰ বৰপেটাৰ সাংবাদিক জনে বিষৰ জৰা ফুকা লয় যদিও বিষ নকমাত উক্ত পাগলা বাবাজন যে এটা ঠগ সেয়া প্ৰমাণিত হয়। অতি আশ্চৰ্যকৰ ভাবে এজন চিকিৎসকৰ ঘৰৰ সন্মুখত এনেদৰে পাগলা বাবাৰ দৰে ভণ্ড কবিৰাজে মানুহক ঠগাই ধন ঘটা কাৰ্যত সচেতন নাগৰিকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।