08/29/2019 - 14:37
in
গোগামুখঃ ধেমাজি জিলাৰ বৰদলনী শিক্ষাখণ্ডৰ অধীনৰ মধ্য বৰদলনি ভেৱেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত গৰমৰ প্ৰকোপত হঠাৎ ঢলি পৰি জ্ঞান হেৰুৱাই পেলায় জুল জুলি বৰ্মন নামৰ নৱম মানৰ ছাত্ৰীগৰাকীয়ে। লগে লগে বিদ্যালয়খনৰ শিক্ষকৰ তৎপৰতাত ১০৮ এম্বুলেঞ্চ মাতি গোগামুখ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক।