বৃহৎ নদীবান্ধৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ

 08/29/2019 - 14:50

গোগামুখঃ ভাৰত বৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলত চৰকাৰে হকে বিহকে সৰু-বৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱা আঁচনিসমূহে অনুসূচীত জাতি লোকসকলৰ মৎস্যজীৱী পৰিয়াললৈ চৰম ভাবুকি কঢ়িয়াই আনিব বুলি এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই। বৃহৎ নদীবান্ধক জলবোমা আখ্যা দি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঃ হৰিকান্ত দাসে জানিবলৈ দিয়ে যে অসমত বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ৪৫ লাখ লোক মৎস্যজীৱী, ইয়াৰে ভিতৰত ১১ লাখ লোক হৈছে অনুসূচীত জাতিৰ অন্তৰ্গত নৈ পৰীয়া লোক।

সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিলগীয়া ১৬৮ টা সৰু-বৰ জলবিদ্যুৎ প্ৰকল্পই মৎস্যজীৱী পৰিয়ালত যথেষ্ট প্ৰভাৱ পেলাব কিয়নো ব্ৰক্ষ্মপুত্ৰৰ নৈসমূহত যদি এই বান্ধসমূহ নিৰ্মাণ হয় তেনেহ’লে প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ ধ্বংস হ'ব আৰু নৈসমূহৰ জলপৃষ্ট হ্ৰাস পাব ফলত গৰাখহনীয়াৰ লগতে মৎস্যৰ হ্ৰাস পাব আৰু নৈ পৰীয়া ৰাইজ সৰ্বস্বান্ত হ’বলগীয়া পৰিবেশৰ সৃষ্টি হ'ব। লগতে তেওঁ কয় যে বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা অনুসূচীত জাতিৰ বহু পৰিয়ালে আজিকোপতি কোনোধৰণৰ পুনৰসংস্থাপন নাপালে এনেবোৰ কাৰনত অসমত বসবাস কৰা অনুসূচীত জাতিৰ লোকসকলে কোনো কাৰনতে জলবিদ্যুৎ প্ৰকল্প নিবিচাৰে।

বিশেষকৈ উত্তৰ অসমত নিৰ্মাণৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অনুসূচীত জাতি ছাত্ৰ সন্থাই পূৰ্বৰে পৰা মাত মাতি অহাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে আৰু বৰ্তমানেও কৰি যাব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। শেহতীয়াকৈ নদীবান্ধ নিৰ্মাণকাৰী সংস্থা NHPC আৰু ৰাজ্য চৰকাৰৰ মাজত নদীবান্ধৰ সপক্ষে যি চুক্তি স্বাক্ষৰিত হ’ল তাক কোনোপধ্যে মানি নলয় বুলি তেওঁ মত প্ৰকাশ কৰে। সভাপতিগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নদীবান্ধৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যি আন্দোলন কৰি আহিছে সেই আন্দোলন যেতিয়ালৈকে চৰকাৰে মানি নলয় তেতিয়ালৈকে যিকোনো মূল্যৰ বিনিময়ত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই নদী বান্ধ বিৰোধী আন্দোলন কৰি যাব আৰু শীঘ্ৰে ৰাজ্যজুৰি এলানি নদীবান্ধ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ঘোষনা কৰা হ'ব বুলি প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।