নলবাৰীৰ 'বিদ্যাঞ্চল'ত সুৰক্ষিত নহয় কণ কণ শিক্ষাৰ্থী

 08/29/2019 - 15:02

নলবাৰীঃ নলবাৰী বৰকুৰাস্থিত 'বিদ্যাঞ্চল দ্য স্কুল' নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত লিপিবদ্ধ হৈছে এটাৰ পিছত এটা কলংকিত অধ্যায়। ইতিমধ্যে বিভিন্ন বিতৰ্কত সোমাই পৰা বিদ্যালয়খনৰ সন্দৰ্ভত বিভিন্ন অভিযোগ সম্বলিত বাতৰি সংবাদ মাধ্যমত ইতিপূৰ্বে সবিস্তাৰে প্ৰকাশ পাইছে। শিক্ষাৰ বেপাৰ কৰা স্কুলখনৰ ভিতৰ চ'ৰাত কণ কণ শিক্ষাৰ্থীসকলো যে সুৰক্ষিত নহয় সেই বিষয়ে শেহতীয়াভাৱে পোহৰলৈ আহিছে।

ব্যৱসায়ী দীপক জৈন মালিকানাধীন এইখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত ভয়ানক কাণ্ডই ছাত্র-ছাত্ৰীৰ অভিভাৱকৰ লগতে সচেতন মহলক হতচকিত কৰি তুলিছে। এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী কিমান সুৰক্ষিত বুলিও প্ৰশ্ন উঠিছে। শ্ৰেণীকোঠাত চি চি টি ভি কেমেৰা সংলগ্ন থকা সত্ত্বেও বিদ্যালয়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে কি কৰে তাৰ কোনো ঠিকনা নাই।

যোৱা ১৯ আগষ্টত এগৰাকী শান্ত তথা দুৰ্বল ছাত্ৰ (প্ৰবৰ হুজুৰী)ক সহপাঠীয়ে নিৰ্মমভাবে প্ৰহাৰ কৰে। এপাকত দাক্ষিণাত্যৰ চিনেমাৰ হিৰ'ৰ দৰে জঁপিয়াই পৰে ছাত্ৰজনৰ পিঠিত। ইমানৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই। শ্ৰেণীকোঠাত চলা এই মাৰপিটৰ ভিডিঅ'টো ফাদিল হোৱাত এতিয়া নলবাৰীত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।