পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ প্ৰচাৰ বিভাগ কৰ্মশালা

 08/29/2019 - 15:50

আমিনগাঁওঃ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ এখনি কৰ্মশালা আৰম্ভ হয়। বৃহস্পতিবাৰে পূৱা ৯ বজাত কৰ্মশালাখনি জ্যোতি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অখিল ভাৰতীয় অধিকাৰী ৰাষ্ট্ৰীয় প্ৰচাৰ সংযোজক সুধাকৰ ৰেড্ডী আৰু শিক্ষাবিদ ডঃ জয়কান্ত শৰ্মাই। ইয়াৰ পাছতে মংগলাচৰণ ধ্বনিৰে মুখৰিত হয় অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহ। কৰ্মশালাখনিত অংশগ্ৰহণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মকৰ্তাসকলে। কৰ্মশালাখনিত আদৰণি ভাষণত ৰাষ্ট্ৰীয় প্ৰচাৰ বিভাগৰ সংযোজক সুধাকৰ ৰেড্ডীয়ে কয় শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজন আছে।

মূল্যবোধৰ শিক্ষা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰবৰ্তন কৰাৰ প্ৰয়োজন আছে। শিক্ষা দেশৰ বাবে হব লাগে। বিদ্যা ভাৰতী পুৰ্বৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষা, আধ্যাত্মিক, সাংস্কৃতিক সংস্কাৰ আদি বিষয়বোৰৰ ওপৰত সদায় সম্পৰ্ক স্থাপন কৰি সমাজখন সুশৃংখলিত ভাবে ৰাখিব পাৰি। গতিকে বিদ্যা ভাৰতীয়ে বিভিন্ন প্ৰয়োগে ভাল কামবোৰৰ প্ৰচাৰ কৰিছে। আৰু এই প্ৰচাৰৰ প্ৰয়োজন আছে কাৰণ সংঘই ভাল কাম কৰিলেও এচাম লোকে মিছা অপপ্ৰচাৰ চলাই। সমাজক বাস্তৱৰ সৈতে অবগত কৰাৰ দায়িত্ব বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰ। উদ্ধোধনী ভাষণ প্ৰদান কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি ডঃ জয়কান্ত শৰ্মাই কয় এনে কৰ্মশালাই প্ৰচাৰ বিভাগৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত দক্ষতাসম্পন্ন কৰ্মকৰ্তা তৈয়াৰ কৰাত সহায় হব। বিদ্যা বিদ্যালয় প্ৰকৃততে আৰ এচ এচ বিদ্যালয় নহয়, যদিও আৰ এচ এচ ৰ ভাৱধাৰেৰে প্ৰভাৱিত। এই শিক্ষা ব্যৱস্থাত সমাজৰ সকলোকে সামৰি লোৱা হৈছে বুলি তেওঁ ব্যক্ত কৰি কৰ্মশালাখনিৰ উদ্ধোধন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।