বৰপেটাতো ফিট ইণ্ডিয়া আন্দোলনৰ শুভাৰম্ভ

 08/29/2019 - 16:19

বৰপেটাঃ দেশৰ অন্যান্য ঠাইৰ লগতে আজি বৰপেটা জিলাতো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্তৰত মুকলি কৰা ফিট ইণ্ডিয়া আন্দোলন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই উপলক্ষে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে মানুহ শাৰীৰিকভাবে সুস্থ-সবল হৈ থাকিলে জীৱনত সুখী আৰু সম্পদশালী হ'ব পাৰে। নিয়মীয়া বেমাৰ আজাৰৰ পৰা আতৰি থাকিব পাৰি। সেয়ে তেওঁ সকলোকে নিয়মীয়াকৈ ব্যায়াম, খেল-ধেমালি আদিত জড়িত হ'বলৈ আহ্বান জনায়।

সভাত যোগাচাৰ্য ৰুবুল মিশ্ৰ আৰু মিষ্টাৰ অসম সন্মান লাভ কৰা খঞ্জন তালুকদাৰেও বক্তব্য দাঙি ধৰে। সভাত অতিৰিক্ত উপায়ুক্ত পল্লব মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস, জিলা ক্ৰীড়া বিষয়া মানস প্ৰতিম দাস, প্ৰাক্তন ৰাষ্ট্ৰীয় এথেলেট তথা শিক্ষয়িত্ৰী ভাৰতী দাস প্ৰমুখ্যে ব্যক্তিসকলৰ উপৰি স্থানীয় নাগৰিক, শিক্ষক- শিক্ষয়িত্ৰী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাৰ আঁত ধৰে জিলা সৰ্বশিক্ষা মিছনৰ প্ৰকল্প বিষয়া নিৰঞ্জন ওজাই।

সভাৰ মাজতে নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উদ্বোধনী অনুষ্ঠানৰ দূৰদৰ্শন যোগে কৰা পোনপতীয়া সম্প্ৰচাৰ ডাঙৰ পৰ্দাত দেখুওৱা হয়। বৰপেটা জিলা প্ৰশাসন, জিলা সৰ্বশিক্ষা মিছন আৰু জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা জিলা ভিত্তিক এই কেন্দ্ৰীয় অনুষ্ঠানটোৰ উপৰি জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতো অনুৰূপ কাৰ্যসূচী পালন কৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।