08/29/2019 - 16:27
in
খাৰুপেটীয়াঃ বুধবাৰে নিশা দৰঙৰ খাৰুপেটীয়াত নিচা জাতীয় দ্ৰব্যসহ হাতে-লোতে গ্ৰেপ্তাৰ কৰে এজন যুৱকক। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া হাস্পতাল ৰোডৰ সমীপত ৰিচান মটৰ পাৰ্টছ নামৰ গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা এখন দোকানৰ পৰা বিক্ৰী কৰি থকা অৱস্থাত ৬ টাকৈ নিষিদ্ধ নিচা জাতীয় ক'ফ চিৰাপৰ বটলৰ লগতে অভিযুক্ত হাফিজুৰ ৰহমান ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে খাৰুপেটীয়া অঞ্চলটোত বিগত কেইবাবছৰ ধৰি এই যুৱকজনে চতুৰালিতে নিষিদ্ধ দ্ৰব্য ক'ফ চিৰাপৰ ব্যৱসায় চলাই আহিছিল। সম্প্ৰতি খাৰুপেটীয়া থানাত ৩৫২/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।