পানী যোগান আঁচনি 'পানী পানী' কৰিলে চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে

 04/04/2019 - 10:52

চৰাইদেউঃ  এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছে চৰাইদেউ জিলাৰ নিমনাগড়বাসীয়ে।  নিমনাগড় বাকুপুখুৰী গ্ৰাণ্টৰ বিশুদ্ধ খোৱাপানী আঁচনিখন সম্প্ৰতি এক প্ৰহসনত পৰিণত হৈছে৷ চাৰি বছৰ পূৰ্বেই স্থাপন কৰা এই পানী যোগান কেন্দ্ৰটি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অৱহেলাৰ বাবেই আজিও কাৰ্যক্ষম হৈ নুঠাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷

পানী যোগান আঁচনিখনৰ পৰা ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি আশা কৰিছিল যদিও আজি পৰ্যন্ত আঁচনিখনৰ পৰা এটোপালো বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম নহ’ল৷ উল্লেখযোগ্য যে, অঞ্চলটোৰ ৰাইজলৈ বিশুদ্ধ খোৱাপানী যোগান দিবৰ বাবে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ নিমনাগড়ৰ বাকুপুখুৰী গ্ৰাণ্টত এই পানী যোগান কেন্দ্ৰটো স্থাপন কৰিছিল।

দুবছৰমান পূৰ্বেই এই পানী যোগান আঁচনিখনৰ যাৱতীয় আন্তঃগাঁথনি সম্পূৰ্ণ কৰি তোলা হৈছিল যদিও কোনো ৰহস্যজনক কাৰণত ৰাইজৰ বাবে মুকলি নকৰাকৈ পেলাই থয়৷ ফলত পানী যোগান কেন্দ্ৰটোত স্থাপন কৰা টেংকি, পাম্পহাউছ, গৃহ, টেপ আদি অব্যৱহৃত হৈ থকা বাবে হাবি-জংঘলেৰে আৱৰি ধৰি ক্ৰমান্বয়ে সেইবোৰ ধ্বংসৰ পথত।

বিভাগীয় একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে পানী যোগান কেন্দ্ৰটি আজিও কাৰ্যক্ষম হৈ নুঠিল বুলি অঞ্চলবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে৷ শীঘ্ৰে ইয়াৰ সুব্যৱস্থা কৰিবলৈ ৰাইজে দাবী তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।