বানাক্ৰান্তৰ বাবে দুই লাখ টকাৰ সাহায্য চিচিবৰগাঁৱৰ নন্দীগিৰি ভূঞাৰ

 08/29/2019 - 17:08

গোগামুখঃ প্ৰলয়ংকৰী বানত দিশহাৰা হৈ অনিদ্ৰা-অনাহাৰে দিন কটাবলগীয়া হোৱা অসমৰ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে ওলাই আহিছে ৰাজ্যৰ লগতে দেশৰ বহুজন। এইবাৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ নিৱাসী মণি ভূঞা আৰু বন্তি ভূঞাৰ জ্যেষ্ঠ পুত্ৰ তথা প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাই।

বুধবাৰে সন্ধিয়া ভূঞাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক লগত লৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বানাক্ৰান্তৰ কাৰণে দুই লাখ এক টকাৰ এখন চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ভূঞাই কয় যে বান অধ্যুষিত অঞ্চলত জন্মগ্ৰহণ কৰা ব্যক্তিজনেহে অনুভৱ কৰিব পাৰে বানাক্ৰান্ত ৰাইজৰ মাজত কি অৱস্থা হয়।

এই অৱস্থা বানে গৰকা ধেমাজিৰ এজন যুৱক হিচাপে প্ৰতিবছৰে স্বচক্ষে অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছো আৰু এই অভিজ্ঞতা অতি তিক্ততাপূৰ্ণ। মই অনাগত দিনত বানাক্ৰান্তসকলক সম্ভাৱনীয় সকলো সাহায্য প্ৰদান কৰিম। উল্লেখ্য যে কৰ্মসূত্ৰে বৰ্তমানৰ গুৱাহাটীৰ বাসিন্দা এইগৰাকী নন্দীগিৰি ভূঞাই উৰুকাৰ দিনা বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ দুখীয়া দুই সহস্ৰাধিক পৰিয়ালক পাঁচশ টকাকৈ বিহুৰ উপহাৰ হিচাপে আগবঢ়াইছিল সৰ্বমুঠ ১০ লাখ টকা।

তদুপৰি ধেমাজিৰ বৌদ্ধিক অনুষ্ঠান সন্মিলিত প্ৰয়াস, ধেমাজি বুক ডিপোৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পাঁচগৰাকী মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ বাবে সম্পূৰ্ণ খা-খৰচ আগবঢ়াইছে। অন্যহাতে মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত ভূঞাৰ সৈতে উপস্থিত থকা সতীৰ্থ বনমালী শইকীয়াই বন্ধুৰ ব্যতিক্ৰমী পদক্ষেপক লৈ অতি গৌৰৱান্বিত বুলি মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।