এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকমুহূৰ্তত বিশ্বনাথত শুনানিৰ নামত হাৰাশাস্তিৰ অভিযোগ

 08/29/2019 - 17:25

বিশ্বনাথঃ বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী। কিন্তু আজিও দেখা গ’ল বিশ্বনাথকে ধৰি বহু ঠাইত এন আৰ চিৰ শুনানি অব্যাহত থকা। বিশ্বনাথৰ সাকোমঠা উন্নয়ন খণ্ডত পুৱা এন আৰ চি কৰ্তৃপক্ষৰ তাৎক্ষনিক জাননী পাই শুনানিৰ বাবে ঢপলিয়াই আহে কেইবাজনো পুৰুষ-মাহিলা। ইতিমধ্যে এওঁলোকে অসমৰ বহু ঠাইত এন আৰ চিৰ শুনানিৰ বাবে গৈ বহু গাঁথিৰ ধনো ভাঙিলে।

তেওঁলোক নিশ্চিত হৈ আছিল যে এন আৰ চিৰ চূড়ান্ত তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ’ব। কাৰন এন আৰ চিৰ প্ৰথম আৰু দ্বিতীয় খচৰাত তেওঁলোকৰ নাম আছিল। কিন্তু আজি পুৱা হঠাৎ জাননী পায় তেওঁলোকে পুনৰ ঢপলিয়াই আহে এন আৰ চি কেন্দ্ৰলৈ। এন আৰ চিৰ এই জাননী পায় এই লোকসকল এতিয়া শংকিত হৈ পৰিছে।

আনহাতে এই সম্পৰ্কত কোনো কথা প্ৰকাশ কৰিব খোজা নাই এন আৰ চিত নিয়োজিত হৈ থকা বিষয়াই। এইফালে এই ঘটনাক লৈ বিশ্বনাথ আমছুৱে এই শুনানি প্ৰক্ৰিয়াক এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰাৰ লগতে সম্পূৰ্ণ প্ৰক্ৰিয়াত স্বচ্ছতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে ফলাফল ঘোষনাৰ প্ৰাকমুহূৰ্তত এইয়া পুনৰ কি ধৰণৰ পৰীক্ষা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।