যোগীঘোপাঃ পবিত্ৰ ভাদ মাহত যোগীঘোপাৰ সমীপবৰ্তী বিঞ্চুপৰ সত্ৰৰ পুনৰ নিৰ্মাণ কৰি ওলোৱা নামঘৰৰ উদ্বোধন কৰিবলৈ আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস বিঞ্চুপৰ সত্ৰত উপস্থিত হয়। উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ বিঞ্চুপৰ সত্ৰৰ পুৰনি নামঘৰটো বঙাইগাঁও জিলাৰ বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকৰ আৰ্থিক সাহাৰ্যত এইবেলি পুনৰ নিৰ্মাণ কৰি উলিওৱা হয়। উক্ত পুনৰ নিৰ্মাণ কৰি উলিওৱা নামঘৰটোৰ উদ্বোধন কৰি সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ লগত কথাবতৰাত মমিনুল আৱালক ৰাজ্যিক বিজেপিৰ মূগপাত্ৰৰ পদৰ পৰা অব্যাহতি দিয়া প্ৰসংগক পোনছাটেই অস্বীকাৰ কৰি এয়া একাংশ সংবাদ মাধ্যমৰ সৃষ্টি বুলি অভিযোগ তোলাৰ লগতে এতিয়ালৈকে এই সন্দৰ্ভত দলে কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিও মন্তব্য কৰে।
সমাগত বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত মিত্ৰ দল বি পি এফৰ লগত মিত্ৰতা অটুট থাকিব নে নেথাকে এই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সম্প্ৰতি বি টি এ ডি এলেকাত দলে সংগঠনৰ ভেটি মজবুত কৰাতহে অধিক গুৰুত্ব দিছে, পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে বি পি এফৰ লগত মিত্ৰতা কৰিব নে নাই এয়া দলেৰ উচ্চস্তৰীয় সমিতিয়েহে ঠিৰাং কৰিব বুলি কৌশলপূৰ্ন মন্তব্য দাঙি ধৰে। অসমত অগপ আৰু বি পি এফৰ দৰে আঞ্চলিকতাবাদী দল বিলাকৰ ভেটি শক্তিশালী কৰাত বিজেপি দলে কাম কৰি আছে বুলিও সভাপতি গৰাকীয়ে উল্লেখ কৰে। এন আৰ চি সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সকলো সংযম বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে যদি কোনো ভাৰতীয় নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত নহয় তেন্তে তেনে লোকক আইনী সাহাৰ্যৰ বাবে সকলো প্ৰকাৰৰ প্ৰয়োজন হলে আৰ্থিক সাহাৰ্য দিবলৈ দলৰ সকলো কৰ্মকৰ্তাক নিৰ্দেশ দিয়া হৈছে বুলি প্ৰকাশ কৰে।