লংকাঃ এন আৰ চি সন্দৰ্ভত হোজাই জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতা সভা। এন আৰ চিৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বিশৃংখল সৃষ্টি নহয় তাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰা লগতে জিলা উপযুক্ত আৰু আৰক্ষী অধীক্ষকে সংবাদ মেল যোগে হোজাই জিলাখনত শান্তি শৃংখলা অটুট ৰাখিবলৈ অনুৰোধ জনায়। প্ৰয়োজন সাপেক্ষে জিলাখৰ আইন শৃংখলা বিশৃংখলতা সৃষ্টি হলে ১৪৪ ধাৰা দিবলৈকো প্ৰস্তুত হৈ আছে জিলা প্ৰশাসন।
আনহাতে জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ’লে ৰুদ্ধ কৰিব পৰাকৈ আৰক্ষী মোটায়েন কৰা হৈছে। আনহাতে প্ৰতিটো এন আৰ চি সেৱা কেন্দ্ৰত নিৰাপত্তা দিব পৰাকৈ ভিডিপি কৰ্মীসকলৰো সহায় লৈছে আৰক্ষী বিভাগে। আনহাতে সকলোৱে সহায় হোৱাকৈ ২৪ ঘণ্টাই উপলব্ধ থকাকৈ এটা টেলিফোন নম্বৰ মুকলি কৰি দিছে। 03674-284284 নম্বৰ যোগেদি কিবা অভিযোগ থাকিলে ফোন যোগে আৰক্ষী প্ৰশাসনক জনাব পাৰিব।