৫০ টকা ভাড়াই কাল হ’ল ৰিক্সাচালকৰঃ যাত্ৰীৰ ছুৰিকাঘাটত আহত ৰিক্সাচালকসহ পথচাৰী

 04/04/2019 - 11:41

গুৱাহাটীঃ মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰিক্সাচালক আৰু যাত্ৰীৰ মাজৰ বাক-বিতণ্ডাই ল'লে নৃশংস ৰূপ। নিজৰ প্ৰাপ্য ৰিক্সা ভাড়া ৫০ টকা বিচৰাই কাল হ’ল মজিবুৰ ৰহমানৰ। মূৰৰ ঘাম মাটিত পেলাই পৰিয়াল পােহপাল দি অহা এই ৰিক্সাচালকজনৰ জীৱনলৈ নামি আহিল অমানিশা। যাত্রীৰূপী দুৰ্বৃত্তৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত হৈ সম্প্রতি সংকটজনক অৱস্থাত চিকিৎসাধীন মজিবুৰ ৰহমান।

ঘটনাৰ স্থান বশিষ্ঠৰ ঘােৰামাৰা শিৱ নগৰ। এগৰাকী যাত্রীক লৈ ঘােৰামাৰাৰ শিৱ নগৰত উপস্থিত হয় মজিবুৰ ৰহমান। নির্দিষ্ট স্থানত যাত্রীক নমাই তেওঁ ৫০ টকা ভাড়া বিচাৰে। কিন্তু ৰিক্সাখনত অহা জ্যোতির্ময় দাস নামৰ যুৱকজনে ভাড়া বাবদ ৩০ টকাহে দিব বুলি কয়। ইয়াকে লৈ ৰিক্সাচালকজনৰ সৈতে বাক্-বিতণ্ডাত লিপ্ত হয় যুৱকজন। এটা সময়ত পকেটৰ পৰা এখন ছুৰী উলিয়াই মজিবুৰ ৰহমানক উপর্যুপৰি আঘাত কৰে যাত্রীৰূপী দুৰ্বৃত্তটোৱে।

ঘটনাক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হােৱাৰ সময়তে কেশৱ চৌধুৰী নামৰ এজন পথচাৰীয়ে দুয়ােজনকে কাজিয়া নকৰিবলৈ আহ্বান জনায়। ইয়াতে জগৰ লাগে অস্ত্রধাৰী যুৱকজনৰ। লগে লগে ছুৰীৰে আঘাত কৰে কেশৱ চৌধুৰীক। এই লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হােৱাৰ সময়তে ৰাইজে জ্যোতির্ময় দাসক আটক কৰি আৰক্ষীক খবৰ দিয়ে।

কিছু সময়ৰ ভিতৰতে বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্রাপ্ত দুয়ােজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অস্ত্রধাৰী যুৱকজনক আটক কৰি থানালৈ লৈ যায়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনক গ্রেপ্তাৰ কৰে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সামান্য টকাৰ কাৰণে মানুহৰ প্ৰাণ কাঢ়ি ল’বলৈও চিন্তা নকৰা এনে দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।