ৰহাঃ ৰহাৰ বিধ্বস্ত বাট-পথ মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে বিয়লি যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰহাত ৰাষ্ট্ৰীয় পথ, ছাৰ্ভিচ ৰোডকে ধৰি বহু ৰাজ্যিক তথা গ্ৰাম্য পথ মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে আৰু বিভিন্ন সময়ত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা।
আনকি চৰকাৰে টোল ল'বলৈ যো-জা চলাইছে যদিও স্বয়ং ৰহা টোলগেটতে খণ্ড-বিখণ্ড হৈছে ৰাষ্ট্ৰীয় পথ। সেইদৰে ৰহাত ৰাষ্ট্ৰীয় পথৰ কাষৰ প্ৰতিটো ছাৰ্ভিচ ৰোডত এতিয়া পুখুৰীসদৃশ গাঁত। সেয়ে এই বিধ্বস্ত পথসমূহ শীঘ্ৰে মেৰামতি কৰি যাতায়াত সুচল কৰিবলৈ স্মাৰক পত্ৰযোগে মুখ্যমন্ত্ৰীক দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিছে যুৱ ছাত্ৰ পৰিষদে।