ডবকাত ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬৬ লাখ টকা !

 04/04/2019 - 13:06

ডবকাঃ হোজাই জিলাৰ ডবকাত আৰক্ষী আৰু নিৰ্বাচনী কামত নিয়োজিত ফ্লাইং স্কোৱাডৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ নগধ ধন। ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক আৰু ফ্লাইং স্কোৱাডে যৌথভাৱে অভিযান চলাই বুধবাৰে ডবকাৰ ভেলৌগুৰীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই ধনখিনি জব্দ কৰে৷

ডবকাৰ আৰক্ষী পৰিদৰ্শক জিয়াউৰ ৰহমান আৰু ফ্লায়িং স্কোৱাডৰ বিষয়া প্ৰকাশ পণ্ডিতৰ নেতৃত্বত চলিছিল এই অভিযান৷ বাতৰি অনুসৰি এই অভিযান কালত এ এছ ০১ ডি আৰ ৯৩১৯ নম্বৰৰ এখন বগা ৰঙৰ স্কৰপিঅ' বাহনৰ পৰা জব্দ কৰে ৬৬ লাখ টকা৷

আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে টকাখিনি জব্দ কৰাৰ লগতে টকাখিনি সৰবৰাহত জড়িত ফৈয়াজ আলী আৰু আব্দুল জলিল নামৰ লোক দুজনক সোধপোচৰ বাবে আটক কৰে৷ টকাখিনি নগাঁৱৰ পৰা হোজাইলৈ নি থকা অৱস্থাত জব্দ কৰা হৈছে৷

এই টকাখিনিৰ প্ৰকৃত গৰাকী কোন আৰু কোনে কি কামত ব্যৱহাৰ কৰিবলৈ নিছিল সেয়া বাতৰি যুগুত কৰা সময় লৈকে পোহৰলৈ অহা নাই৷ ইপিনে, আৰক্ষীয়ে আটক কৰা লোকজনৰ ভাষ্য মতে, টকাখিনিৰ উপযুক্ত নথিপত্ৰ আছে৷ পৰৱৰ্তী সময়ত পোহৰলৈ আহিব এই টকাখিনিৰ উৎস৷ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ কৰ্তৃত্বশীল বিষয়াৰ দ্বাৰা তদন্ত চলি আছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।