কোকৰাঝাৰত ফিট ইণ্ডিয়াৰ কাৰ্যসূচীৰ মাজতে বিদ্যুৎ কৰ্তন

 08/30/2019 - 16:05

কোকৰাঝাৰঃ ফিট ইণ্ডিয়াৰ কাৰ্যসূচীৰ মাজতে কোকৰাঝাৰত বিদ্যুৎ কৰ্তন কৰাত বহুসংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰধান মন্ত্ৰীৰ ভাষণ শুনাৰ পৰা বঞ্চিত হয়। বহ সংখ্যক বিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ লাইভ কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীক দেখুৱাবলৈ ডিচ টিভি যোগাৰ কৰি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া কাৰ্যসূচী উপভোগ কৰি থাকোতেই বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। কোকৰাঝাৰ বিদ্যুৎ বিভাগৰ এনে দায়িত্বহীন কাণ্ডত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। ফিট ইণ্ডিয়া কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত বিদ্যুৎ বিভাগকে ধৰি আন সংশ্লিষ্ট বিভাগৰ সতে জিলা উপায়ুক্তৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতো বিদ্যুৎ বিভাগৰ এনে চৰম দায়িত্বহীনতাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ যুটীয়া সচিব মনিষ গাৰ্গে সুকীয়া সুকীয়াকৈ প্ৰেৰণ কৰা এক পত্ৰযোগে বিদ্যালয়সমূহত প্ৰধানমন্ত্ৰীৰ লাইভ শ্ব’ কাৰ্যসূচী দেখুৱাবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল আৰু তাৰেই আধাৰত জিলা আৰু খণ্ড শিক্ষা বিষয়াসকলে বিদ্যালয়প্ৰধান, মণ্ডল সমল সমন্বয়কলৈ অনুষ্ঠান সূচাৰূৰুপে ৰূপায়নৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল।

সেইমৰ্মে একাংশ বিদ্যালয় প্ৰধানে টিভি-ডিচ যোগাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক ফিট ইণ্ডিয়া কাৰ্যসূচীৰ লাইভ দেখুৱায় যদিও আধাতে বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰাত বিপাঙত পৰে। উল্লেখ্য যে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগনত জিলা ভিত্তিক ফিট ইণ্ডিয়া অনুষ্ঠান হোৱাৰ বিপৰীতে বিদ্যালয়ে বিদ্যালয়ে ফিট ইণ্ডিয়া ৰূপায়িত হয়।

কোকৰাঝাৰৰ ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ফিট ইণ্ডিয়া অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকি কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ গয়াৰীয়ে ছাত্ৰ -ছাত্ৰীসকলক শপত বাক্য পাঠ কৰায়। প্ৰধানমন্ত্ৰীৰ ভাষণ লাইভ অনুষ্ঠানৰ পিছতে শিক্ষা বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ তাৎপৰ্য ছাত্ৰ-ছাত্ৰীসকলক বুজাই দি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ শাৰীৰিকভাৱে সুস্থ আৰু সবল হৈ থকাটো নিত্যান্তই প্ৰয়োজনীয় বুলি মন্তব্য কৰি ফিট ইণ্ডিয়া মুভমেণ্টৰ তাৎপৰ্য ব্যাখ্যা কৰে। ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, এমআইএচ ফিৰদোছ হুছেইন, মণ্ডল সমল সমন্বয়ক, শিক্ষক-শিক্ষয়ত্ৰী, আশাকৰ্মী আদিকে ধৰি বহুসংখ্যকে উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।