শ্যামপুৰত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

 04/04/2019 - 13:18

খাৰুপেটীয়া: দৰঙ জিলাত পুনৰ সক্ৰিয় হ'বলৈ ধৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। জিলাখনৰ অন্তৰ্গত সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমুহৰ মহিলা বা কিশোৰীসকলক ধনৰ লোভত নাইবা প্ৰেমৰ মায়াজালত পেলাই নাৰী সৰবৰাহকাৰী এটা চক্ৰই অঞ্চলটোৰপৰা কেইবাজনীও ছোৱালীক বৰ্হিৰাজ্যত বিক্ৰী কৰে।

জানিব পৰা মতে, জিলাখনৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্যামপুৰ গাঁৱত তিনিমাহ আগতে এজনী কিশোৰী সন্ধানহীন হোৱাত আব্দুল আজিজৰ বিৰুদ্ধে শ্যামপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত শ্যামপুৰ আৰক্ষীয়ে অনুসন্ধান চলাই উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰপৰা সন্ধানহীন হোৱা ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও, নাৰী সৰবৰাহকাৰী দলটো পলায়ন কৰে।

শ্যামপুৰ আৰক্ষী থানাত নতুনকৈ নিযুক্তি পোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈয়দ মুক্তাৰ ৰহমানে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে তদন্ত চলাই বেচিমাৰীৰ গেণ্ডাপুখুৰী গাঁৱৰপৰা নাৰী সৰবৰাহকাৰী চক্ৰত জড়িত আব্দুল আজিজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নাৰী সৰবৰাহৰ লগত জড়িত আব্দুল আজিজে ৩নং শ্যামপুৰ গাঁৱৰ আব্দুল কৰিমৰ কন্যাক ৫০ হাজাৰ টকাত বৰ্হিৰাজ্যত বিক্ৰী কৰি তাৰ পৰা পলায়ন কৰাৰ কথা স্বীকাৰ কৰে।

ধৃত আব্দুল আজিজক মঙ্গলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে শ্যামপুৰ আৰক্ষীয়ে। আনহাতে, অঞ্চলটোত থকা নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বিৰূদ্ধে আৰক্ষী প্ৰশাসনক সষ্টম হ'বলৈ দাবী জনাইছে দৰঙ জিলাৰ মুছলিম ছাত্র সন্থাৰ সভাপতি সম্পাদক ক্ৰমে ৰফিকুল ইছলাম আৰু ওমৰ আলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।