ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীত অঘটনঃ নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ

 08/30/2019 - 16:15

গোগামুখঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁও আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন নাথে (২৮) আজি পুৱা ৰুমৰ ভিতৰতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে বুকুত গুলীয়াই আত্মহত্যা কৰে। জানিব পৰা মতে চিচিবৰগাঁও আৰক্ষী চকীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক নিপন নাথে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত আৰক্ষীৰ দলসহ পেট্ৰলিং ডিউটিত ওলাই যায় আৰু আজি পুৱতি নিশা ৪.১০ বজাত ডিউটি সামৰি নিজৰ ৰুমত প্ৰৱেশ কৰে।

প্ৰায় ১০ মিনিটৰ পিছতে গুলীৰ শব্দ শুনি ড্ৰাইভাৰজনে হৈ-ছৈ লগোৱাত ৰূমৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে সতীৰ্থসকলে। লগে লগে তেওঁক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। গুলীয়ে বুকু ভেদি পাৰাপাৰ হৈ যায়। বহুদিনৰ পৰা আৰক্ষী বিষয়াজন মানসিকভাবে হতাশাগ্ৰস্ত হৈ আছিল বুলি জানিব পৰা গৈছে। মৃত নিপন নাথৰ ঘৰ ৰঙিয়াৰ মধুকুচিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।