গাখীৰৰ উচিত দাম নোপোৱাত ক্ষোভিত গো পালকসকল

 08/30/2019 - 17:52

গোলাঘাটঃ গুৱাহাটীৰ পিছত এইবাৰ গোলাঘাটত গো পালক সন্থাৰ হুংকাৰ। গাখীৰৰ উচিত দাম নোপোৱাত ক্ষোভিত হৈ পৰিছে জিলাখনৰ চাৰি শতাধিক গো পালক। হোটেলসমূহত দীৰ্ঘদিন ধৰি গাখীৰ যোগান ধৰি আছে যদিও হোটেল মালিক সন্থাই উচিত দাম নিদিয়াৰ অভিযোগ কৰিছে গো পালক সন্থাই। আজি গো পালক সন্থা আৰু হোটেল মালিক সন্থাৰ এক যৌথ সভাৰ আয়োজন কৰিছিল যদিও হোটেল মালিক সন্থাৰ কোনো প্ৰতিনিধি উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰিছে। জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ দাবী জনায়।

অন্যথা অহা ২ ছেপ্টেম্বৰত জিলাখনৰ সকলো গো পালকে ধনশিৰি নদীত গাখীৰসমূহ পেলোৱাৰ সিদ্ধান্ত লৈছে। তদুপৰি ইয়াৰ পাছতো গাখীৰৰ মূল্য বৃদ্ধি নকৰিলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গো পালকসকলে নিজৰ গৰুসমূহ লৈ আহি প্ৰতিবাদ কৰিব বুলিও সদৰী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।