চিৰাঙৰ প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত তিনিখন নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰচাৰ

 04/04/2019 - 13:26

বিজনীঃ বিটিচিৰ প্ৰধান ৰাজনৈতিক দল বিপিএফে পাঁচ নম্বৰ জনজাতি সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিত থিয় কৰোৱা দলীয় প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই কোকৰাঝাৰত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ পাছতে দলটোৱে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে৷ দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰে চিৰাং জিলাত দলীয় প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ তিনিখন নিৰ্বাচনী সভাত অংশ লয়৷

বিপিএফৰ বিজনী জিলা সমিতিৰ উদ্যোগত জিলাখনৰ উত্তৰাঞ্চলৰ পাণবাৰী আৰু অক্সিগুৰীত দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া বিজনী চহৰৰ লক্ষ্মী মন্দিৰ নাট ভৱনতো এখন সভা অনুষ্ঠিত হয়৷ বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ পৌৰহিত্যত অনুষ্ঠিত তিনিও খন সভাত অংশ লৈ বিপিএফৰ জ্যেষ্ঠ নেতা চন্দন ব্ৰহ্মই বিটিচিত সকলো জাতি-গোষ্ঠীৰ মাজত ভাতৃত্ব, শান্তি, সম্প্ৰতি, উন্নয়নৰ বাবে বিপিএফ দলে কাম কৰি আহিছে বুলি ব্যক্ত কৰে৷

বিটিচিৰ আৰু উন্নয়ন হোৱাৰ স্বাৰ্থতে দলে প্ৰক্ষেপ কৰা বিজেপি, অগপ আৰু বিপিএফ মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক সমাগত লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়৷ সভা তিনিখনত চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফে প্ৰক্ষেপ কৰা প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই বিপুল ভোটত জয়লাভ কৰি দিল্লীলৈ যোৱাটো নিশ্চিত বুলিও ভাষণত ব্যক্ত কৰে৷

বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত ৰাইজৰ পৰা যি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে সাংসদ হৈছিল তাক এতিয়া ৰাইজে বুজি উঠিছে বুলিও কয়৷ শৰণীয়াই জাতি-গোষ্ঠী বিভাজন কৰি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিছে৷ এতিয়া ৰাইজে বুজি উঠিছে, শৰণীয়াই যিবোৰ প্ৰতিশ্ৰুতি দিছিল এটাও পালন কৰিব পৰা নাই৷ তেওঁ বিটিচি চুক্তি বাতিলো কৰিব নোৱাৰিলে, অনাবড়ো গাঁও কৰ্তনো কৰিব নোৱাৰিলে৷ সভা তিনিখনত বিপিএফৰ নেতা বিষ্ণুৰাম ৰায়, বিটিচিৰ পৰিষদীয় সদস্য অকিং হাজং, প্ৰাক্তন পৰিষদীয় সদস্য সুভাষ বসুমতাৰীসহ কেইবাজনো নেতাই ভাষণ প্ৰদান কৰে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।