ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদ মেল

 08/30/2019 - 18:07

ৰঙিয়াঃ ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি এক সংবাদ মেল আয়োজন কৰে। ৰঙিয়া শ্ৰম ভৱনত অনুষ্ঠিত সংবাদ মেলত ৰন্ধন কৰ্মীৰ কৰ্ম সংস্থাপনৰ নিশ্চিতি প্ৰদানৰ দাবী জনায়। ৰন্ধন কৰ্মীসকলক চাটাই কৰি শিশু খাদ্য প্ৰস্তুতকৰণৰ দায়িত্ব ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা কৰে। লগতে ৰন্ধন কৰ্মীৰ মজুৰীৰ হাৰ এক হেজাৰৰ পৰা ১৮ হেজাৰ কৰাৰ দাবী জনায়।

মহিলাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় চৰকাৰে ৰন্ধন কৰ্মী মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ কৰে। অহা ৪ ছেপ্টেম্বৰত দেশ জোৰা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰন্ধন কৰ্মীসকলে নিজ নিজ আঞ্চলৰ জিলা আৰু সদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ আহ্বান জনায় সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কাৰ্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী আৰু সাধাৰণ সম্পাদিকা চিত্ৰা ৰাজবংশীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।