08/30/2019 - 18:23
in
কাকপথাৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডুমডুমা সমষ্টিৰ বিৰোধী দলৰ বিধায়ক দূৰ্গা ভূমিজে৷ বিধায়ক ভূমিজে মন্তব্য কৰিছে যে বিজেপি চৰকাৰখনে বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চি৷ লগতে ডিটেনচন কেম্পৰ নামত বহুতো খিলঞ্জীয়া লোকক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ কৰিছে৷
মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোণোৱালে প্ৰথমেই গুৱাহাটীত এন আৰ চি কাৰ্যালয়লৈ যোৱাৰ কথা অসমবাসীয়ে পাহৰা নাই। কিন্তু সেইয়া কোনো কামত নাহিল৷ গোৱালপাৰা জিলাৰ ৰংজুলি চাহ বাগিচাত পোনা মুণ্ডাৰ মৃত্যুৰ লগতে বৰ্মন, ৰায় উপাধিৰ লোকক এন আৰ চিৰ নামত অযথা হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ দাবী জনায় বিধায়কজনে৷ লগতে অসম চুক্তিকো চৰকাৰখনে অপমান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে৷