আমছুৰ ৰামপুৰ সত্ৰ আঞ্চলিক সমিতি পুনৰ গঠন

 08/30/2019 - 19:14

বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত ৰামপুৰ সত্ৰ আঞ্চলিক সমিতিখন বৃহস্পতিবাৰে পুনৰ গঠন কৰা হয়। বটদ্ৰৱা জামতলত আমছুৰ নগাঁও জিলা সমিতিৰ উপসভাপতি জেহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন উপস্থিত থাকি কয় যে আমছুৱে সদায় জাতিৰ বাবে মাত মাতি আহিছে।

সমাজৰ পৰা কুসংস্কাৰসমূহ দূৰ কৰাৰ ক্ষেত্ৰত আমছুৱে সদায় ৰাইজৰ কাষত থিয় হৈ আহিছে বুলি মন্তব্য কৰে। সভাপতিৰ ভাষনত জেহিৰুল ইছলামে কয় যে এখন সুস্থ সমাজ গঠনত শিক্ষাই হৈছে একমাত্ৰ সম্বল। শিশু শ্ৰমিক, বাল্যবিবাহ আদি বন্ধ কৰি শিশুসকলক শিক্ষাৰ দ্বাৰা সমাজ পোহৰাবলৈ নৱ গঠিত সমিতিক আহ্বান জনায়।

সভাখনত সৰ্বসন্মতি ক্ৰমে আফজল ইছলামক সভাপতি, ইমাম হুছেইন আৰু ৰেকিব আহমেদক সাধাৰণ সম্পাদকদ্বয় হিচাপে লৈ ২১ জনীয়া আমছুৰ ৰামপুৰ সত্ৰ আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক হিফজুৰ ৰহমান, বৃহত্তৰ বটদ্ৰৱা আঞ্চলিক সমিতিৰ সভাপতি ছাদ্দাম হুছেইন, সাধাৰণ সম্পাদক মোক্তাৰ হুছেইনৰ লগতে শতাধিক আমছুৰ সদস্য উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।