বিজেপিত যোগদান জাতীয়- জনগোষ্ঠীয় সংগঠনৰ নেতাৰ

 04/04/2019 - 13:30

ডিব্ৰুগড়: টাই আহোম ছাত্র সন্থাৰ উপদেষ্টা অশ্বিনী চেতিয়াৰ বিজেপি গমনৰ পিছত এইবাৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতাই গেৰুৱা দলত যোগদান কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৱল প্ৰতিবাদ কৰি অহা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান চন্দন সন্দিকৈ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সভাপতি যুগল বৰুৱাই আজি সংগঠনৰ পৰা অব্যাহতি লয়।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক বাণীকান্ত গোহাঁই, ডিকম আঞ্চলিক সমিতিৰ সভাপতি লগতে কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধানৰ নেতৃত্বত ডেৰ শতাধিক নেতাই গেৰুৱা দলত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।