08/30/2019 - 19:46
in
লখিমপুৰঃ কাইলৈ ঘোষনা হ’ব লগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি সংবাদমেল অনুষ্ঠিত হয়।জিলা উপায়ুক্ত জীৱন বি, জিলা আৰক্ষী অধীক্ষক হৰে কৃষ্ণ নাথ, জিলা অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস আৰু সাৰংগ পানী শৰ্মাকে ধৰি বহুকেইজন চৰকাৰী বিষয়া উপস্থিত থাকি সংবাদমেলখনিত কাইলৈ প্ৰসাশনে লোৱা নিৰাপত্তা সম্পৰ্কে বিৱৰি কয়।
সংবাদমেলত উপায়ুক্তই কয় যে জিলাখনৰ ৩টা জ’নত বিভক্ত কৰি মুঠ ৮০ টা সেৱা কেন্দ্ৰত তালিকা প্ৰদৰ্শন কৰা হ’ব। সুৰক্ষাৰ বাবে ৭ টা অতিৰিক্ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক মোতায়ন কৰা হৈছে। সকলোকে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় এই সংবাদমেলৰ জৰিয়তে।